প্রতাৰকৰ সপোনত -দিশান্ত ডেকা

©Admin
0
বুকুত একুৰা অগনি লৈ 
মৰিশালিৰ মৃত নিস্তব্ধতাৰ, 
পৰা আজি ম‌ই ছায়া হৈ 
 উৰি আহিছো ।

কায়াহীন প্রাণক 
অবাধ্য লোতকে, 
জোৰোলা কৰা 
 মোৰ  হৃদয়ৰ 
চাকনৈয়াত আজিও
 আবদ্ধ তোমাৰ ,
ছলনাময়ী কায়া । 

কেতিয়াবা শুনানে তুমি? 
মাজনিশা ফেকুঁৰি উঠা 
এটি প্রাণৰ তৰঙ্গ ,
সেয়াযেন নহয় এটি
 সাধাৰণ তৰঙ্গ ।

সেয়া যেন জীৱন কালত 
তুমি মোক কৰা অৱমাননাৰ 
এক প্রতিবাদী তৰঙ্গ । 

 ✍️দিশান্ত ডেকা 
  দৰং , মঙ্গলদৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)