ফাগুনৰ অনুভৱ•জয়া বৰি

Rinku Rajowar
0
ফাগুন মানেই সমীকৰণ,মনত পৰে সেই যে চিঞৰি চিঞৰি পঢ়িছিলোঁ সৰুতে এটি পদ্য........ 
ঋতু আহে ঋতু যায়,
আঘোণ-পুহত ঋতু হেমন্ত 
নিয়ৰ কুঁৱলী পৰে, 
মাঘ-ফাগুনত শীত ঋতু 
গছৰ পাত সৰে।

শীতৰ সেমেকা মাঘে তোমাৰ বতৰা আনে।ধুলিয়ৰি বাটত ৰৈ থকা ফাগুনী কনেংহঁতৰ গা সাতখন আঠখন কৰে। এফালে লৃগাঙৰ প্ৰস্তুতি আনফালে চেনাইৰ অস্পষ্ট ঢোলৰ গুম গুমনিয়ে যৌৱনা হৃদয়ৰ জপনা খুলি ৰঙীন সপোন দেখে হাজাৰ জনে। থৌকি বাথৌ মনে হিয়া উজাৰি চিঞৰে- "কনেং ঐ এয়া যেন লৃগাঙৰ বতৰ।”

সচাই উতনুৱা ফাগুনে মন আউল-বাউল কৰে, লঠঙা গছৰ পাতত সুগন্ধি ফুলৰ মালা গাথে; কত দিনে সাঁচি থোৱা মনৰ বতৰাক সংগোপনে চেনাইলৈ পঠিয়াই পছোৱা বতাহৰ বাটেৰে।

ফাগুন মানেই অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ প্ৰাণস্বৰূপ লৃগাঙৰ বতৰা আৰু গীত-নৃত্যৰ সমাহাৰ। সৰাপাতৰ বিননীয়ে ফাগুনক আদৰি সকলো মিচিং ডেকা-গাভৰুৰ হৃদয় জীপাল কৰে। নীলাচল আকাশেও ৰাঙলী হৈ লৃগাঙৰ বতৰা আনে। সেয়ে প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে পৃথিৱী ৰঙীন আৰু সেউজীয়া কৰিবলৈ প্ৰাণৰ উৎসৱ আলি আই লৃগাং পাতে। ফাগুন মানেই লৃগাং, প্রতিজন কৃষিজীৱি লোকৰ মাজত অন্তর্নিহিত এটি আবেগ। বোকা মাটিৰ গোন্ধ। ফাগুনীৰ হাতৰ পৰশত প্ৰাণ পোৱা পলাশ,শিমলু,মদাৰ।নৈ পৰীয়াৰ আনন্দৰ বতৰ আৰু ৰঙা মদাৰৰ হেঁপাহ। অলেখ খাদ্যৰ সম্ভাৰত সমুহীয়া তৃপ্তি এসাঁজ।শিল্পী শৈলীৰ মনৰ উৎকণ্ঠা নতুন সৃষ্টি নতুন গীত আৰু বহুতো কবিতা। নির্ভেজাল সৰল- আলসুৱা পক্ষীৰ ৰম্যভূমি, চৌদিশে বিস্তাৰিত পক্ষীৰ উৰণ। তোমাৰ সুবাহে দি যায় জাতি-জনজাতিৰ মাজত আধ্যাত্মিকতাৰ প্ৰকৃত বীজ। সিঁচি দিয়ে সত্ৰ-সত্ৰই ৰং বিৰঙৰ উৎসৱ আৰু যৌৱনা ধেমালি । ৰূপান্তৰ ফাগুন আকৌ আহা আজম্ম প্ৰেমিক হৈ দি যোৱা ব'হাগৰ ৰঙালী বতৰা।

ফাগুন মানে পলাশ শিমলুৰ উল্লাহ।উন্মত্ত ফাগুনে মতলীয়া কৰে ফাগুনীৰ হাজাৰ উদাস। অভিমানী ফাগুন নহাকৈ নাথাকিবা। তোমাৰ অহা বাটেৰে সিঁচি দিম এমুঠি জোনাক, সেউজীয়া দলিছা পাৰি ৰৈ থাকিম তোমালৈ বুলি। আলফুলে বোৱা বিহুৱান খনি যাচিম আদৰেৰে,লিহিৰি আঙুলিৰ ফাঁকত বাজি উঠাৰ গুমৰাগৰ ধ্বনি আৰু কণ্ঠ স্বৰত ঐনিতমৰ মিঠা সুৰত আপোন পাহৰা হৈ নাচিব একেলগে। চকুৱে চকুৱে পাতিম কিছু কথা খুদিত হ'ব স্পৰ্শকাতৰ হেঁপাহ।নিচাময় ফাগুনে দিয়ে তোমাক কাষত পোৱাৰ মাদকতা।সুখ-দুখে লগত থাকিম বুলি দিয়া সহায়ৰ হাত, সেউজ হৈ পৰক আত্মীয় কুটুম্ব।অভিমাণী ফাগুন বাট চাম তোমালৈ নহাকৈ নাথাকিবা।

✍️জয়া বৰি 
    বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)