মোৰ অভিমানী কণমানি পৃথিৱীত•দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
অকলশৰীয়া সময়বোৰত
নিঃসংগতাৰ অনুভৱে বেছিকৈ
কষ্ট দি দুৰ্বল কৰি তুলিব খোজে
মোৰ সৰ্বশৰীৰ জ্বলি যোৱা যেন অনুভৱ হয় 
বহুত বেছি ভয় লাগে অকলশৰে নীৰৱতাক আপোন কৰি ল'বলৈ।
মৌনতা প্ৰিয় হ'লেও জানো
অকলশৰীয়া নিঃস্তব্ধ সময়ত 
নিজকে সংযত কৰিব পাৰি 
স্তব্ধ হৈ বাকৰুদ্ধ হোৱা দুটি ওঁঠ
দুটি নয়নৰ বিষাদৰ চকুলো
মোৰ অভিমানী হৃদয়ৰ ভাষা
অভিমানী মনৰ সঁচা অনুভৱ
কিয় বাৰু কোনেও নুবুজে ।
কওতে সকলোৱে কয়
সংগ দি আঁতৰি নোযোৱাৰ কথা
কিন্তু শেষত গৈ সকলোৱে এৰি যায়
মোৰ অভিমানে চাগে আমুৱাই
অসহ্যকৰ হয় চাগে মোৰ
অভিমান ভৰা কথাবোৰ শুনি।
অকলশৰীয়া সময়বোৰত ভয় লাগিলেও
আজিকালি নিঃসংগতাৰ ক্ষণবোৰে
মোক বেছিকৈ সংগ দিয়ে ।
অচিনাকি চৰাইজনীৰ ভৰষাতে চাগে
আজিও সেই একেই অভিমান
একেই উন্মনা অভিমানী মন 
আৰু নিজৰ ইচ্ছামতে জীয়াই আছোঁ
মোৰ অভিমানী কণমানি পৃথিৱীত।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)