অপেক্ষা কাৰ বাবেনো কৰিম ?-সূৰজ বৰগোঁহাই

©Admin
0
অপেক্ষা কাৰ বাবেনো কৰিম এতিয়া ?
নিয়মবিহীন জীৱনৰ পাতনি মেলোতেই
যি হেৰুৱাইছিলোঁ
সি যেতিয়া এবাৰো নাহিল উভতি
যি আছিল সিওঁ আজি গ'ল আঁতৰি।

তেওঁৰ ছবি বাৰে বাৰে 
উৰে মোৰ মন বতাহত ,
অপেক্ষা অন্ত নপৰে
ক্লান্ত নীৰৱ হৃদয়ত।

তেওঁক ভাৱিলেই বতাহ লাগে হৃদয়ত
মন মেলিলেই উৰে আকাশত,
কিন্তু এতিয়া কৰা বাবেনো কৰিম অপেক্ষা?
যি আঁতৰি যাব বিচাৰে মোৰ পৰা নিলগত।

অপেক্ষা কাৰ বাবেনো কৰিম... 
 
                                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)