তোমাৰ নাম-চাদ্দাম হুছেইন

©Admin
0
বাদ দিবলৈ মন যায়
    সেই কথাবোৰ, যʼত!
    তোমাৰ স্মৃতি নাই,

    চিটি বাছে আমনি কৰে
    ফলক দেখাই
    তোমাৰ চহৰৰ নাম ।

    চকু ৰৈ যায় 
    তোমাৰ নামৰ আখৰত,
    বিন্দু বিন্দু কথাই
    তোমাৰ সুগন্ধি বিয়পায়।

    দেশান্তৰ হৈয়ো
    সেই এটাই নাম,
    তুমি তুমি লগা কথাবোৰে
    আজি তোমাৰ কথাই কয়,

    দহনত ছাই হোৱা
    প্ৰীতিৰ নিশ্বাসো
    তোমালৈ চাই ৰয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)