প্ৰীতি-ধৰা- ফাৰুকুদ্দিন আহমেদ

©Admin
0
আজি পুৱা মই
         টোপনিৰ পৰা সাৰ পাই
         আচৰিত হʼলোঁ!

কেনেকৈ...
         আগৰ দৰে শালিকীপুৱাতে
         চৰাইবোৰে গীত গাইছে?
(মাজত কিছুবছৰ এই দৃশ্য বিৰল আছিল)

আহিলে কʼৰ পৰা
         এই মৰমীজাক?
         আজি লাগিছে এনে
         যেন.....
         পৃথিৱীৱে নতুনকৈ সাজ সলাইছে।
         না! পুৰণি সাজজোৰকে
         আকৌ পিন্ধিছে।

আইৰ প্ৰত্যাৱৰ্তনত
         প্ৰাণ পাই উঠিছে প্ৰকৃতিয়ে;
         আইয়ে বাৰ্তা আনিছে:
         নিৰাশাৰ মাজত আশাৰ
         সঞ্চাৰ কৰিবৰ...

ফাগুনৰ পছোৱাজাকে বুকু ভেদি গৈছে
         যেন ভূতল পথেৰে পাৰ হৈ গৈছে
         মোৰ কাল্পনিক জগতৰ প্ৰেয়সী।
         অকাম্য এই প্ৰত্যাৱৰ্তনৰ ৰূপান্তৰ।

২০২৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)