ফাগুনৰ আগমণে-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ফাগুনৰ আৱেগে অনুভৱ জগাই
উন্মনা অভিমানী কৰি তোলা সময়
ফাগুন মোৰ বাবে নতুন নহয়
বহু যুগৰ আপোন মোৰ বলিয়া ফাগুন।
সন্ধিয়াৰ বতাহজাকিয়ে
উৰুৱাই নিলে মোক কল্পনাৰ জগতলৈ
সৰাপাতবোৰে উচুপি উঠা সেই
নিজান ঠাইৰ নীৰৱতাৰ মাজলৈ 
অকলশৰে বহি অনুভৱ কৰিলোঁ
পাৰ কৰি অহা প্ৰতিটো দিনৰ কথা।
অনুভৱত আৰু অকণমান
ৰাগি ঢালিবলৈ অচিনাকী চৰাইজনী আছেই 
অচিনাকি চৰাইজনীয়ে দুচকুৰ
ভাষাৰে কিনো ক'ব খুজিছে
থৰ হৈ চাইছোঁ তাইলৈ আৰু
বুজিবলৈ চেষ্টা কৰিছোঁ জানা
লাজে লাজে চকুয়ে চকুৱে পৰি
কি অনুভৱৰ কথা ক'ব বিচাৰিছে
ৰাঙলী ফাগুনৰ পছোৱা বতাহৰ কথা ক'ব বিচাৰিছে ইমান পৰে।
দুচকুয়ে বুজাব বিচৰা অনুভৱতো যে
ইমান আৱেগ ভালপোৱা থাকিব পাৰে
ফাগুনৰ ৰাগিয়ে কেৱল মোকেই
অভিমানী কৰি তোলা নাই
প্ৰতিজন ফাগুনৰ প্ৰেমিকক 
উন্মনা কৰি তুলিছে ফাগুনে।
ফাগুনৰ আগমণে উৰুৱাই নিছে
অনুভৱৰ ধৰালৈ পলকতে 
ফাগুনৰ আগমণে সোঁৱৰাই দিছে
জীৱনটো যে সৰাপাতবোৰৰ দৰেই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)