ধাৰাবাহিক অৰণ্যৰোদন খণ্ড ২৮ -নবীন চন্দ্ৰ মেধি

@admin
0
মাঘৰ বিহু পালেহিয়েই । নামঘৰ চৌহদত এইবাৰ মেজিৰ ভোজ-ভাত খোৱা নহ'ব । মাঘৰ তিনি তাৰিখৰ পৰা এঘাৰ তাৰিখলৈকে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে । গতিকে ডেকা ল'ৰাবোৰে লগ লাগি এইবাৰ শিৱমন্দিৰৰ কাষতে থকা খেলপথাৰখনতে তম্বু তৰি লৈছে । ৰাতি থকাও হ'ব , খেলা-ধূলা কৰাও হ'ব । ভেলাঘৰ সজা নহয় । কেৱল মেজি সাজি উলিওৱা হয় । আগদিনা উৰুকা নিশা ভোজ ভাত খায় আৰু পিছদিনাখন মেজি জ্বলায় । ভেলাঘৰ নাসাজে আৰু নজ্বলায় । এইখন গাঁৱত ভেলাঘৰ সজাওঁ নহয় জ্বলোৱাও নহয় । বহুতো ঠাইত ৰংঘৰ কাৰেংঘৰ আৰু লালকিল্লা সদৃশ ভেলাঘৰ সাজে আৰু পিছদিনাখন পুৱাই জ্বলাই দিয়ে । এয়া পৰম্পৰা ভাল নালাগে । নিজৰ কৃষ্টি সংস্কৃতিৰ বিকৃত ৰূপ দেখিবলৈ পোৱা যায় এইখন অসমত । 

এশ ঘৰ সদস্যৰ ভিতৰত পঞ্চাশটামান পৰিয়ালে লগ লাগি প্ৰতিবছৰে মাঘ বিহুৰ মেজি ভোজ খোৱা যায় । কিছুমান লোকে চাৰি পাঁচ ঘৰমান লগ লাগি ভোজ ভাত খায় । এইবাৰো ব্যতিক্ৰম নহ'ল । ৩/৪ নং শান্তিপুৰ বৰ নামঘৰৰ পঞ্চাশ ষাঠিটা পৰিয়ালৰ দুশজনমান লোকে লগ লাগি মেজি ভোজ খোৱা হ'ল । 

নিৰ্মল কুমাৰে প্ৰতিবছৰে নামঘৰত খেলৰ ৰাইজৰ লগতে লগ লাগি ভোজ ভাত খায় । এঘাৰমান বজাতেই মেজি ভোজৰ আয়োজন স্থলী লৈ আহিছিল । ভোজ ভাত বনুৱাই বনাইছে , খেলাই খেলিছে । বিহু বুলি দোকান বন্ধ কৰি ৰাতি আঠ বজালৈকে সি তাতে ব্যস্ত হৈ পৰিছিল । 

মাঘ বিহু বুলি প্ৰতিবছৰে সিহঁতে তাছপাত খেলে । কেতিয়াবা পায় আৰু আন কেতিয়াবা যায় । নিৰ্মল কুমাৰৰ খেলাৰ বিশেষ অভ্যাস নাই যদিও মেজি ৰখীয়াৰ লগতে খেলিবলৈ বহে । হাজাৰ টকা দান দি ঘৰলৈ উভতি যায় । এইবাৰো ব্যতিক্ৰম নহ'ল । তেৰশ টকা হাৰিল । তাৰ পিছত দোকানলৈ উভতি গ'ল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)