নাই নে আজি তোমাৰ সময়
মাত এষাৰ দিয়াৰ
নাই নে আজি তোমাৰ সময়
এবাৰ ঘূৰি চোৱাৰ
নাই যে ভাই,
আজি কাৰোৰে সময় নাই
আমি একেটা পথেৰে যাত্ৰী
তথাপিও কিয় থাকে আমাৰ মাজত ইমান
বেদাভেদ, ধনী, দুখীয়া উচ্চ,নীচ
কিয় থাকে বাৰু?
আমাৰ মাজত ইমান তুলনা।
নাই যে আজি সেই দিন মহাত্মাৰ
নাই যে আজি সেই এনাজৰী।
মানুহে নিচিনে মানুহক
মাথোঁ চিনি পায় নিজক
যদি মানুহেই নিচিনে মানুহক
কাক নো কৰিব আশা
কাক ক'ব হৃদয়ৰ কথা।
নাই যে ভাই
আজি কাৰোৰে সময় নাই।
জীৱনটো এক সৰু যাত্ৰা
হাঁহি মুখে কৰিবা পথযাত্ৰা
যদিওবা দীঘল হয় পথযাত্ৰা
তথাপিও অক্ষুন্ন ৰাখিবা হাঁহি।
যদিওবা পথ হয় অন্ধকাৰময়
আৰু কুঁৱলীৰে ভৰা
তথাপিও নকৰিবা অনুভৱ অকলশৰীয়া।
কি ধনী, কি দুখীয়া সকলো একজনৰে সৃষ্টি
বজাই ৰাখিবা এনাজৰী হৃদয়ত লবিভা শান্তি।
বিচাৰি পাবা এক নতুনত্বৰ সন্ধান
হেৰাই যোৱা সেই দিন মহাত্মাৰ
পাবা বিচাৰি নিজৰ মাজতেই
এক মহান আত্মাৰ, হে পথযাত্ৰী।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ