বজ্ৰ নিনাদ-সীতা দেৱী

Rinku Rajowar
0
অজ্ঞাত ত্ৰাসত কম্পমান বিশ্ব,
মৃত্যুৰ কিৰিলি,
বজ্ৰ নিনাদ...!
যন্ত্ৰণাৰ জ্বালামুখী
অক্টোপাছৰ কবলত সৃষ্টি,
ধ্বংসৰ গৰাহত প্ৰকৃতি।
পৃথিৱীৰ বক্ষ ক্ষত বিক্ষত,
বেদনাৰ এবুকু চকুলো।
তমসাচ্ছন্ন  মানৱতা,
উত্তপ্ত মৰুৰ তাণ্ডৱ,
নিস্তেজ সূৰ্য 
ভগ্ন হৃদয়ত অহৰহ হুমুনিয়াহ ।
হোৰাহোৰে সহিছে সুখৰ আলয়
সময়ে জোকাৰিছে  সপোন
মহা প্ৰলয়ৰ মেটমৰা বোজা
নিৰ্বিকাৰ নিৰৱধি আশাৰ
এবুকু তৰালি।
ধৰাশায়ী জীৱনৰ চাকনৈয়াত
নিৰাশাৰ চকামকা ক'লা ডাৱৰ
মৃত্যুৰ শীতল কোলাত
অযুত নিযুত হাবিয়াস,
অজ্ঞাত ত্ৰাসত কম্পমান বিশ্ব,
মৃত্যুৰ কিৰিলি,
বজ্ৰ নিনাদ....!!

✍️সীতা দেৱী, বিহপুৰীয়া, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)