জীৱনৰ গান
সন্দপনে গুজি লোৱা
ভালপোৱাৰ টান
মই মৰি মৰি জী উঠিছোঁ
তোমাৰ উশাহত
তোমাৰ এমুঠিয়া কলিজাত
শিপাই ৷
জীৱনক ভালপোৱা প্ৰেমৰ এটা সুৰীয়া টান হৈ
আজীৱন বাজি থকাৰ অংগীকাৰ হাতে হাত ধৰি
প্ৰতিশ্ৰুতিৰ ভালপোৱাৰে
আপোনতাৰে হৃদয় জিনাৰ ৷
সম্পৰ্কৰ সু ঘ্ৰাণত দেহত প্ৰেমৰ
সজীৱতা আনি
প্ৰতিশ্ৰুতি বোৰ সদায়ে
সুৱৰি মই তুমি মিলি
আমি হোৱাৰ বাসনাত
বাসনাৰ আন এটা নাম হেনো
আশা সেই আশাকেই
বুকুত সাৱটি ৷
ধনঞ্জয় দাস নিপুকুমাৰ %সুবন বৰুৱাৰ কবিতা সুন্দৰ হৈছে ।অভিনন্দন জনালোঁ।
ReplyDelete