ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৪•নবীন চন্দ্ৰ মেধি

©Admin
0
: শৰ্মা । ভালে আছে ? 
: আছো ভগৱানৰ কৃপাত । আপোনাৰ ভাল ? 
: হয় হয় । এটি খবৰ আছে । অহা ১৭ ফেব্ৰুৱাৰী শনিবাৰৰ দিনা মোৰ ছোৱালী জিলমিলৰ শান্তি বিয়া । চুঙাজানৰ একমাত্ৰ প্ৰতিনিধি হিচাপে আপোনাৰ উপস্থিতি একান্তই কামনা কৰিলো । 
: বাৰু সময়ত দেখা যাওক । 
: দেখা যাওক নহয় আহিবই লাগিব । 
: বাৰু দেখা কৰিম ।  

সেয়া গোলাঘাট জিলা দবা সন্থাৰ সম্পাদক পল্লৱ প্লাৱন গোহাঁইৰ ফোন আছিল । দুয়ো দবা খেলুৱৈ হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একেলগে ঘুৰি ফুৰে । গতিকে বিয়া শুদ্ধিকৰণ নাম আদি কিবা পাতিলেই নিমন্ত্ৰণ কৰে । নিৰ্মল কুমাৰে নাযাওঁ বুলি ক'ব নোৱাৰে । একো একোটা অঞ্চলৰ প্ৰতিনিধিত্ব কৰিব লগা হয় । আগবাঢ়ি যাব লাগে । 
পল্লৱদাৰ ছোৱালী জিলমিলৰ বিয়া । পৰিণীতাৰ বয়সৰ ছোৱালী । তাইৰ বিয়া হ'লেই । পৰিণীতালৈ চিন্তাই হয় । এইবছৰ পাৰ হ'লে হয় । ধন ধান একো এটা গোট খোৱাব পৰা নাই । অৱশ্যে বয়স এঘাৰ বছৰ সম্পূৰ্ণ হওঁ হওঁ ।  গতিকে  চিন্তা চৰ্চা কৰিবলৈ হ'ল । 

নিৰ্মল কুমাৰে আজি কিছুদিনৰ পৰা আলোচনীৰ কামত ব্যস্ত হৈ পৰিছিল । দোকানৰ ফালে বৰ এটা মন কাণ নিদিয়া হৈছিল । 

পল্লৱৰ অনুৰোধ তথা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ বুলি সি অকলেই সৰুপথাৰ টেঙাহোলা পাইছিলগৈ । অ এয়া দেখোন আচুৰ্য বৰপাত্ৰ । একেবাৰেই ঘৰুৱা পৰিবেশত লগ পালে সি । পল্লৱৰ ভায়েক । জান । সিহঁতৰ কাষতেই ঘৰ । পল্লৱৰ দদায়েক নে বৰদেউতাকৰ ল'ৰা । বয়সত পল্লৱতকৈ সৰু । কথা বতৰা পাতিলে । বিশেষ নহয় । চকুৰ চিনাকি হিচাপে , লগতে পল্লৱৰ ভায়েক হিচাপে । চাহ তামোল খালে । 
সেয়া কলেজীয়া দিনৰে বন্ধু দুজনকো লগ পালে । নিত্যানন্দ আৰু দিলীপ । নিত্যানন্দ পল্লৱৰ পেহীয়েকৰ ল'ৰা । সিহঁতৰ সন্মুখৰ সোঁফালৰ ঘৰটো । পল্লৱৰ আচৰিত হোৱাৰ পাল । ক'ত চিনাকি ? ১৯৯৮ চনৰপৰা চিনাকি । একেলগে কলেজত পঢ়া । 

বিয়াঘৰত ভাত খাই বৈ কলেজীয়া বন্ধুৰ ঘৰলৈ এপাক গৈ আহিল । বন্ধু , বন্ধুৰ পৰিবাৰ আৰু একমাত্ৰ তিনি চাৰিবছৰীয়া কন্যা । সুখী পৰিয়াল । বন্ধুৰ ঘৰত দেখা দি ল'ৰাল'ৰিকৈ ঘৰলৈ উভতি আহিছিল সি । সময় ৰৈ নাথাকে । 

কবি সন্মিলনৰ গোলাঘাট জিলাৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰৰ ঘৰলৈ যোৱাৰ কথা আছিল কিন্তু ছাৰে আজি সময় মিলাব নোৱাৰাৰ বাবেই সি ছাৰৰ ঘৰলৈ নগ'ল । ইফালে সম্পাদক মুকুন্দ মাধৱ বৰাৰো আজৰি নাই । গতিকে আন এদিন লগ কৰাৰ কথা ফোনতে পাতি নিৰ্মল কুমাৰে ঘৰলৈ ৰাওনা হৈছিল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)