মই দুখিত-মনালিছা দলে

©Admin
0
দিনৰ ২.৪১ বাজিল । মবাইলত ফোন অহাত ফোনতো উঠাই দেখো দীপক শৰ্মাৰ নম্বৰত আহিছে কলটো। ৰিচিভ কৰি ক’লো-
“হেল্লো  দাদা !”
“অ’ বাইদেউ আপোনাৰ পাৰ্চেল এটা আছিল...”
“হয় দাদা, আপুনি তাতেই অলপ ৰখিব, মই নিজে গৈ তাৰ পৰা ল’মগৈ..”
ফোনটো কাটি দি ভাৱিব ল'লো, কি হ’ব এতিয়া ! কি কৰোঁ ! 
দাদাজন আছে এতিয়া তুচিৰাম চাৰি আলিত। নদী পাৰলৈ অহা ৰাস্তাত অলপ আগলৈ আহিব ক’লেও নিশ্চয়কৈ আহিব। দাদাজন ভাল । আগতেও দুই-এবাৰ পাৰ্চেল দিছিলেগৈ মোক। পিচে আপোন ভালেই জগত ভাল কথাষাৰে মোৰ বুকুত খুন্দা মাৰিলেগৈ।উপায়হীন হৈ এজনী বান্ধৱীলৈ ফোন লগালোঁ ।
“অ' কোৱা ।” ই ক’লে ফোনটো ৰিচিভ কৰি ।
“ঐ, ক'ত আছ ?” মই সুধিলোঁ।
“ঘৰতে আছো। কিবা আছিলনেকি ?”
“তোৰ ফোনৰ পৰা ৮৬৯ টকা গুগল পে কৰিব পৰা হ’বনেকি ?”
“নাই নহ'ব। ৪০০ টকা মান হ’লহেঁতেন । কালৈ পে কৰিব লাগিছিল? তোৰ ভন্টিৰ…” তাই কথাটো শেষ কৰিব নৌপাওঁতে মই- “হ’ব দিয়া। মই পাছত কৈ আছো তোমাক……”বুলি কৈ ফোনটো কাটি দিলোঁ।
তই ভাৱিছিল চাগৈ ভন্টিলৈকে পইচাখিনি পে কৰিব খোজিছে বুলি। কাৰণ আগে-পিচে মই মেছত থকা ভন্টিলৈ পইচা দিব লগা হ'লে তোৰ তাৰ পৰা গুগল পে কৰি দিওঁ, নহয়জানো? কথাটো অৱশ্যে একেই বাৰু, ভন্টি কাৰণেই সৰস্বতী পূজাত পিন্ধিব বুলি এযোৰ মেখেলা-চাদৰ অৰ্দাৰ কৰি দিছিলো অনলাইনৰপৰা… বান্ধৱীজনীক মনৰ মাজতে বুজনি দিলোঁ।
এতিয়া কি হ’ব ? নিজকে প্ৰশ্ন কৰিলোঁ। 
হঠাতে সৌসিদিনা Delivery এজনে কোৱা কথাখিনি মনত পৰিল। সি কৈছিল মোক আৰু এবাৰ বস্তু অৰ্দাৰ নকৰিবলৈ। তেতিয়া বাৰু অন্য এক সমস্যাৰ বাবেহে গালি পাৰিলে । মোৰ মবাইলটো হেনো সি ফোন কৰা সময়ত বন্ধ আছিল। সেইদিনা দীপক দাদাৰ দৰে আগতীয়াকৈ মেচেজ দিয়া নাছিল বাবে মই মবাইলটো অপ কৰি চাৰ্জ কৰি থৈছিলো। আজি আকৌ ৰাতিপুৱৱাৰ পৰা গম পায়ো বেলেগ এটা সমস্যাহে দেখা দিছে। কি হ’ব বাৰু !
কথাবোৰ ভাৱি ভাৱি পইচাখিনি আকৌ এবাৰ ভালকৈ হিচাপ কৰিলো। নাই, ১২০ টকা নোজোৰে। 
সৰু এটা ভুলৰ পৰিনাম। মই নিজে লৈ হাতত ৰখা হ’লে কি বেয়া আছিলনোঁ। দেউতাৰ পৰা  ল’ম বুলি বন্দবস্ত কৰি থৈছিলোঁ। পিচে বুঢ়া মানুহ পাহৰিলে চাগৈ। মাৰ হাতত দি থ'ব বুলি কৈ, ক’তা ? নাই দিয়া। দিয়াক বাদ কৰি মাৰ হাতত এতিয়া লখিমী বুলিবলৈও এটকাও নাই বুলিহে ক'লে।
এইবোৰ ভাবি থাকোতেই আকৌ দীপক দাৰ নম্বৰত ফোন আহিল। 
“বাইদেউ আহিছানে নাই, কিমান দেৰি হ’ব ? মই ৰখি আছোঁ ।” 
ফোনটো ৰিচিভ কৰা মাত্ৰে কৈ গ'ল । মই মাত্ৰ-
“অ' দাদা…” 
“জকাই বোৱাৰ ফালেও যাবলৈ আছে । সোনকালে আহিব ।” 
দাদাৰ কথাৰ সুযোগতে মই ক'লো-
“দাদা তেন্তে আপুনি দি আহকগৈ । তেতিয়ালৈ মই তাত গৈ পাই যামগৈ।”
“অ' হ'ব তেন্তে । মই গৈ আহোঁ ।”
এই বুলি কৈ দাদাজন গুচি গ’ল । ময়ো অলপ উশাহ পালোঁ । পিছে এতিয়াও সমস্যা সমাধান হোৱা  নাই । দাদাজন গুৰি অহাৰ আগত দেউতাই বাৰু ঘৰত সোমাবহিনে !
অৰ্দাৰ কৰি দিয়া সময়ত ভন্টিয়ে উত্ৰাৱন হৈ গৈছিল । তাৰ বিপৰীতে সৰস্বতী পূজাত যদি তাই মেখেলাযোৰ পিন্ধিব নাপায় ভন্টিতকৈও মোৰ বেছি বেয়া লাগিব। হে ভগৱান ৰক্ষা কৰিব মোক। 
মোকনো কিহে পালে ! সিমান দামি মেখেলা চাদৰ অৰ্দাৰ কবৰিবলৈ। নিজে বোৱা বগা এযোৰকে পিন্ধিব বুলি দি পঠিয়াব পাৰিলো হয় ভন্টিক! বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ভাগৱতী সৰস্বতীৰ পূজা কৰিবলৈ যাব, বিয়া খাবলৈ নাযায় নহয়! একেদিনাই আলি-আই-লৃগাং আছে। পূজা কৰি ঘূৰি আহি লৃগাঙত গোমৰাগ নাছিবগৈ লাগিব।

এতিয়া যদি কেনেবাকৈ দেউতাই ঘৰত আহি নাপায়, পইচা ক'ত পাম ! দাদাজনৰ ফোনটো কি বুলি ৰিচিভ কৰিমগৈ! হে প্ৰভু …..!        

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)