আইৰ সমান হ'ব কোন -সুনম বিশ্বাস

©Admin
0
'অ' মা, তোমাৰ ঘৰত কোন কোন আছে? মা- দেউতা আছেনে?' —সংগীতাই ঘৰৰ পৰা কর্মক্ষেত্ৰলৈ গৈ থাকোঁতেই ট্ৰেইনত এগৰাকী বৃদ্ধাই তাইক সুধিলে।
    তাই কিছুপৰ কাহ পৰি জীণ যোৱাৰ দৰে হৈছিল। বুকুত যেন কুঠাৰাঘাত কৰিছে। চছ্মাযোৰ ভালকৈ লগাই লৈ দীৰ্ঘশ্বাসে ক'লে, ‘আইতা, মা... আছে ! আৰু ভণ্টী এজনীও আছে।'
    এনেদৰেই দুয়োৰে মাজত কিছু সময় কথোপকথন হ'ল। তাই মহিলাগৰাকীক তিলমাত্রও বুজিবলৈ নিদিলে, এবুকু গোট মৰা যন্ত্ৰণাৰ কথা। আনকি চছমাৰ আঁৰত বোৱা উত্তাল হিমবাহৰ গতিৰ ধাৰা। মাকৰ কথা সুধিলেই যে তাইৰ হিয়াখনে আৰ্তনাদ কৰি উঠে। মনে মনে উচপে, কিয়নো মাকৰ স্থানটো কেতিয়াও তাই শূন্য হ'বলৈ দিব নোৱাৰে। যিমান দিন আকাশত জোন-বেলি, তৰা ওলাব, বতাহ বলিব, নদ-নদী বৈ থাকিব, সিমান দিন মাৰ অস্তিত্ব থাকিব!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)