স্মৰণ-সৰিফুল আলম

©Admin
0
কি যে ভাললগা দিন,
কি যে ভাললগা সময়
কি যে মৰমী মানুহবোৰ
বাৰু কলৈ গ'ল আজি সকলো। 
আমি কোৱা আমিবোৰ 
আজি ক'ত আমি? 
সময়ৰ সোঁততে আজি সকলো বিলীন 
নাই যে আজি সেই দিন 
নাই যে আজি আমাৰ সেই সোণালী সময় ।
বিয়লিৰ অস্তমিত সূৰ্যৰ দৰেই
গুচি গ’ল সেই দিন পলকতে।
যদিওবা আজি বিলীন সেইদিন 
ৰাখিছোঁ সাঁচি সেই স্মৃতিখিনি জীৱন নামে
ডায়েৰিখনিত 
যদিওবা পাৰ হয় কেইবা শতাধিক, ঋতু, মাহ, বছৰ
তথাপিও অমৰ হৈ থাকিব স্মৃতি পূৰ্বৰ।

              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)