জীৱন,তোৰ গন্তব্য জাননে ?- কল্পনা বৰা

©Admin
0
(১)
জীৱনৰ সংজ্ঞা খেপিয়াই খেপিয়াই 
মই চুই চাব বিচাৰোঁ আকাশৰ তৰাটি ,
পৰ্বতমালাৰ সিটোপাৰে সপোনৰ ঘৰটোৰ বসতি
আৰু মই দুহাত মেলি থপিয়াই আনি 
নিজৰ কৰিব খোজোঁ ,
অবাস্তৱিক স্বপ্নবোৰ মোৰ পৰা হাজাৰ যোজন দূৰৈত 
তথাপি সাগৰ সাঁতুৰি মই গঢ়িব বিচাৰোঁ বিশ্ব অভিলেখ 
এয়া, কল্পনাই ঢুকি নোপোৱা এক অদিঠক প্ৰসংগ।
(২)
ধনৰ কলহটো ডিঙিত ওলোমাই
স্ব-ইচ্ছাৰে মৰিব খোজাটো
মোৰ জীৱনৰ প্ৰতি মোহ !
মন গ'লেই ৰাষ্ট্ৰদ্ৰোহ
মন গ'লেই সন্ত্ৰাসবাদত জপিয়াই পৰি 
কাঢ়িব বিচাৰোঁ আমি জীৱনৰ চৰম প্ৰাপ্য ।
(৩)
যান্ত্ৰিকতাৰ কৰালত পৃথিৱীখন মোৰ হাতৰ মুঠিত
মই যে এতিয়া অসভ্যতাৰ গ্ৰাসত
সভ্যতাই মোক কেতিয়াবাই গাৰ সমস্ত বলেৰে ঠেলি পঠালে।
আৰু ঠিক এই সময়তে...
বিশ্বৰ এক অনামী প্ৰান্তত উদ্ভাৱিত হ'ল নতুন তত্ত্ব
মই ভগ্ন স্তূপৰ দৰেই ঠিয় দি ৰ'লোঁ।
(৪)
ঘন কুঁৱলীৰ  ফাঁকেৰে 
অৰণ্যৰ ভিতৰখন মণিব নোৱাৰা এটি মাজনিশাৰ বেলা.....
কোনোবা ৰমণীৰ কান্দোন মিহলি বিকট চিঞৰ
বতাহত কল্লোলিত হৈ মোৰ কাণৰ পৰ্দা ফালিছে,
গ'ম পালোঁ তাই পলাব খুজিও হাৰি গ'ল কোনোবা যমদূতৰ হাতত ।
যদি মৃত্যুৱে জীৱনৰ শেষ কাম্য 
জীৱনক লৈ ইমান আয়োজন কিহৰ ?
প্ৰশ্নবোধক! এক বৃহৎ প্ৰশ্নবোধক এয়া!
(৫)
জীৱন,তোৰ গন্তব্য বিচাৰি
ঐদহে-বৈদহে ঘূৰি চলাথ কৰিছোঁ ।
নিজেই নিজক হেৰুৱাই পেলোৱাৰ মূহুৰ্তত
সময়বোৰে মোক গিলি পেলাইছে 
কেতিয়াবা কাঁচৰ টুকুৰাৰ দৰে খণ্ড-বিখণ্ড হৈ ভাগি পৰিছোঁ;
নতুনত্বৰ আকৌ জানো আৰম্ভণি হ'ব পাৰে ?
কাৰাগাৰৰ লোহাৰ শিকলিত বন্দী 
কয়েদীৰ শ্বাসৰুদ্ধ উশাহবোৰক সুধিবা
গতিশীল সময়ক পাৰিছে জানো টকাৰ বিনিময়ত ভেঁটা দি ৰাখিব?
ভোগ বিলাসৰ লালস্যতাত উদণ্ড পুৰুষৰ হাতত
নিজক সঁপি দিয়া এগৰাকী নাৰীয়ে ক'ব
জীৱনৰ শেষ গন্তব্য মৃত্যু !
মোৰ প্ৰশ্ন ---
যদি মৃত্যুৱে জীৱনৰ শেষ কাম্য
জীৱনক লৈ ইমান আয়োজন কিহৰ..?

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)