কোনোবাই কলম এটা দিয়া হলে-ৰাহুল চেতিয়া

©Admin
0
কোনোবাই কলম এটা  দিয়া হ'লে...
অন্তৰত নিহিত হৈ থকা 
দুখ বেদনা বোৰৰ,
প্ৰাপ্তি-অপ্ৰাপ্তিৰ সংমিশ্ৰণত 
গতিশীলতাৰ মাজেদি জীৱন আগুৱাৰ
কলমৰ ভাষাৰে লিখিব পাৰিলোহেঁতেন।

কোনোবাই কলম এটা দিয়া হ'লে 
লিখিব পাৰিলোহেঁতেন......
উত্থান-পতনৰ মাজেদি
 আৰম্ভ হোৱা 
জীৱন সংগ্রামৰ  অবিৰত যুদ্ধৰ কথা।
লিখিব পৰিলোঁ হেঁতেন
গাঁৱৰ চহা কৃষকৰ 
কৃষকৰ যন্ত্রণাকাতৰ ভোকৰ কাতৰ চিঞৰৰ কথা।
মানুহৰ পৰা দানবলৈ পৰিবৰ্তন হৈ
ৰাজবাট মুকলি ধৰ্ষণ কৰা কথা।
লিখিব পাৰিলোঁহেঁতেন
কুৰি শতিকাৰ
বিশ্বজয়ৰ আকাংক্ষাৰে পুষ্ট,
আধৰুৱা সপোনৰ পাছত 
মৰিচিকা খেদি দৌৰি ফুৰা কথা।
জীৱন নামৰ কঠিন বাস্তৱৰ যুজঁ খনত
হাৰি হাৰিও জয়ী হোৱাৰ।

কোনোবাই কলম এটা দিয়া হ'লে 
লিখিব পাৰিলোঁহেঁতেন
জীৱন কালত আনন্দ বিষাদৰ 
কিমানবোৰ যে ৰং  
আমাৰ হৃদয়খনে কঢ়িয়াই লৈ ফুৰাৰ কথা।
তাহানিৰ  সেই মধুৰ অনুভৱ
ৰামায়ণ, মহাভাৰত, শক্তিমান
কত যে কি কাহিনী
উজ্বলি উঠা নতুনত্ব বুকুত।
কোনোবাই কলম এটা দিয়া হ'লে.............

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)