আইৰ চকুলো- আইৰ চকুলো

©Admin
0
এহাল দম্পত্তি অতি সুখ শান্তিৰে জীৱন যাপন কৰি আছিল। বহু বছৰ ধৰি তেওঁলোকৰ কোনো সতি সন্ততিৰ জন্ম হোৱা নাছিল। তেতিয়া ওচৰৰ মানুহ আৰু ঘৰৰ মানুহ বিলাকে তিৰোতাজনীকে জগৰীয়া কৰিছিল আৰু তাইক বাজী বুলি হাঁহিছিল। তেতিয়া তিৰোতা গৰাকীৰ দুখে কুলাই পাচি নধৰা হৈছিল। সেই সময়ত তেওঁ বহুগুণে ভাগি পৰিছিল যদিও তেওঁৰ স্বামী তেওঁৰ ওচৰত সাহস হৈ থিয় দিছিল।  এনেকৈয়ে কেইবাবছৰমান পিছত নানান পূঁজা পাতল কৰাত তেওলোকৰ মাজলৈ এটি ল'ৰা সন্তান আহিলে। সেই সন্তান টোৱে তেওলোকৰ কাৰণে ভগৱান যেন হৈ পৰিছিল। তেওলোক দুইৰ পৰা তিনি হ'ল। ল'ৰাটোক তেওলোকে অতি আলাসৰে ডাঙৰ দীঘল কৰিব ধৰিলে যেন- মাটিত থ'লে পিপৰাই খাই মূৰত থ'লে ওকণিয়ে খায়। 
        এনেকৈয়ে দিন বাগৰি গৈ থাকিল। ল'ৰাও বিদ্যালয়ত যাব পৰা হ'ল। ল'ৰাৰ দেউতাক চৰকাৰী চাকৰি কৰা নাছিল যদিও কিবা সৰু ব্যৱসায়ৰে ঘৰ চলাইছিল। তেনেদৰেই ল'ৰাটোক গাৱৰ পৰা অলপ দূৰত হ'লেও এখন ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিলে। ল'ৰা ডাঙৰ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হ'ল। সি নিজৰ ইচ্ছামতে বিজ্ঞান শাখাত পঢ়িম বুলি কোৱাত দেউতাকে তাৰ ভৱিষ্যতৰ কথা ভাবি কোনো কুণ্ঠাবোধ নকৰাকৈয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰাই দিলে। সি উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীর্ণ হৈ মেডিকেল বিভাগত পঢ়িম বুলি মন মেলিলে। সি মেডিকেল বিভাগত পঢ়িবলৈ বাহিৰলৈ গুচি গ'ল আৰু সেই ঠাইৰ ডাঙৰ মেডিকেল এখনতে চাকৰি পালে। চাকৰি পোৱাৰ পিছতে সি তাতে বিবাহ পাশত আৱদ্ধ হ'ল আৰু সেনেকেই সি জীৱন যাপন কৰি থাকোঁতে মাক দেউতাকৰ কথা পাহৰি থাকিলে আৰু যোগাযোগ বন্ধ কৰি দিলে। মাক দেউতাক হালে কিন্তু বহুত যোগাযোগ কৰিব চেষ্টা কৰিছিলে কিন্তু তাক কোনো যোগাযোগত পোৱা নাছিলে। 
   বহু বছৰ পিছত সি আহিছিলে আৰু মাকহঁতক কৈছিলে যে- মই তাত নিগাজিকৈ থাকিব ল'লো সেয়ে তোমালোকক মই বৃদ্ধাশ্ৰত থৈ যাম বুলি সিদ্ধান্ত লৈছে, তাৰ পৰাই মই যথা খৰচ পাতি বহন কৰি থাকিম। কথাখিনি শুনাৰ পিছত মাক দেউতাকে যথেষ্ট খিনি আঘাত পাইছিল আৰু বহু কান্দিছিল তথাপিও তাৰ সিদ্ধান্তত একো মাত মাতা নাছিল। 
পিছদিনা দুয়ো পুত্ৰৰ কথামতে বৃদ্ধাশ্রমলৈ গ'ল। ল'ৰাজনেও নিজৰ কৰ্মস্থলীলৈ গুছি গ'ল। তাৰ পিছৰ পৰা ল'ৰাজনৰ কোনো যোগাযোগ নাইকিয়া হৈ থাকিল। তেনেতেই এইবিলাক চিন্তা কৰোঁতে কৰোঁতে দেউতাকৰ গা বেছি বেয়া হ'ব ধৰিলে। শেষ বাৰৰ কাৰণে বাপেকে পুতেকক চাব বিচাৰিলে কিন্তু সেই আশা পূৰণ নোহোৱাকৈ বাপেকে চিৰদিনৰ কাৰণে চকু মুদিলে।
        এই সকলোবিলাক দুখ যন্ত্রণা যেন মাকে সহিব নোৱৰা হৈছিল আৰু মাকৰ চকুত চকুপানী নধৰা হৈছিলে। এনেকৈ দুখৰ চকুলো টুকি টুকি মাকেও শেষ নিঃশ্বাস ত্যাগ কৰিলে।
    
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)