বৰষুণ - লক্ষীমা তেলী

©Admin
0
গোনা মহ এজাকৰ দৰে কাজল
মেঘে ছাতি ধৰে আকাশৰ বুকু।
কপাহ গুটিৰ দৰে বৰষুণজাকে নুপূৰ 
পিন্ধে চিপচিপিয়া বৰষুণত তিতি। 
এটা মৰা সাপৰ দৰে পৰি থাকে 
আলিবাট । 
 মন ৰিঙা ৰিঙা লাগে। 
বৰষুণ বিষাদেৰে ভৰে, তথাপিতো 
হে , মোৰ বুকুজুৰি থকা বৰষুণ
মই তোমাৰেই প্ৰেমিকা।

            ✍️ লক্ষীমা তেলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)