প্ৰতিযোগিতাৰ পথাৰখনত নম্বৰমুখী ধাৰণাৰ প্ৰভাৱ যিমানেই দিনক দিনে বাঢ়ি যাব ধৰিছে সিমানেই জ্ঞানমুখী ধাৰণাটো কোনোবাখিনিত যেন কিছু পৰিমাণে হ'লেও ম্লান পোৱা যেন অনুভৱ হ'ব ধৰিছে। বৰ্তমানে জ্ঞান বুলিলে কেৱল যেন কেইটিমান নম্বৰ আৰু চাৰ্টিফিকেটখনতেই সীমাবদ্ধ বুলি অধিকাংশ নৱপ্ৰজন্মই ভাবি ল'বলৈ ধৰিছে। এই চিন্তাধাৰাৰ ফলস্বৰূপে সমাজৰ বাবে স্বৰ্ণস্বৰূপ মূলধনসমূহ কৰ'বাত যেন লোপ পাবলৈ আৰম্ভ হৈছে। বৰ্তমান শিক্ষা ব্যৱস্থাৰ দ্বাৰা প্ৰদান কৰা শিক্ষা সঠিক হয় সঁচা, কিন্তু বৰ্তমান নৱপ্ৰজন্মই সেই শিক্ষা নম্বৰ নে জ্ঞানৰ দৃষ্টিৰে গ্ৰহণ কৰিছে সেইটোহে চিন্তনীয়। যদি জ্ঞানক আওকাণ কৰি বা গ্ৰহণ কৰা শিক্ষাৰ কোনো বাস্তৱ জীৱনৰ ক্ষেত্রত প্ৰয়োগ নকৰি কেৱল কেইটামান নম্বৰক উদ্দেশ্যি শিক্ষা গ্রহণ কৰা যায়, তেন্তে সেই শিক্ষাই কেতিয়াও দেশ বা সমাজ এখনৰ উন্নতিত অৰিহণা যোগাব নোৱাৰে। যেতিয়া নৱপ্ৰজন্মই গ্ৰহণ কৰা শিক্ষা বাস্তৱ ক্ষেত্রত প্ৰয়োগ কৰিব আৰু চাৰিওফালে হৈ থকা সমস্যাসমূহৰ সমাধানত তাক অস্ত্র হিচাপে ব্যৱহাৰ কৰিব তেতিয়াহে শিক্ষাই দেশ এখনৰ অগ্রগতিৰ গুৰুত্বপূর্ণ আহিলাস্বৰূপ হৈ উঠিব।
কিন্তু, বৰ্তমান নৱপ্ৰজন্মৰ দৃষ্টিত যেন শিক্ষাৰ মৰ্মাৰ্থ কেৱল কেইটামান নম্বৰৰ ওপৰতে সীমাবদ্ধ হৈ ৰ'ব ধৰিছে। পৰীক্ষাত কেইটামান ভাল নম্বৰ লাভ কৰি এটা চাকৰি পোৱাৰ মাজতে সীমাবদ্ধ হৈ ৰ'ব ধৰিছে শিক্ষাৰ প্ৰকৃত অৰ্থ। শিক্ষাৰ অৰ্থ কিন্তু ইমানতে সীমাবদ্ধ নহয়! জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, "শিক্ষা বুলিলে মই শিশু আৰু পৈণত বয়সৰ মানুহৰ শৰীৰ, মন আৰু আত্মাৰ সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো"। অৰ্থাৎ মহাত্মা গান্ধীৰ দৃষ্টিভংগীত শিক্ষা হৈছে সেয়া, যিয়ে নেকি মানুহৰ সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰে। গতিকে নৱপ্ৰজন্মই শিক্ষাক কেৱল নম্বৰৰ দৃষ্টিৰে চোৱাটো সঠিক নহ'ব। যদি তেওঁলোকে শিক্ষাক কেৱল নম্বৰৰ দৃষ্টিভংগীৰে চায়, তেন্তে হয়টো সমাজৰ মূল্যবোধসমূহ যেনে:- নম্ৰতা, সাধুতা, কৰ্তব্যপৰায়ণতা আদিসমূহ কোনোবা নহয় কোনোবাখিনিত ক্ষতি হোৱাৰ আশংকা থাকি যাব। সেয়েহে যাতে তেওঁলোকে গ্ৰহণ কৰা শিক্ষা ব্যৱহাৰিক ক্ষেত্রখনত প্ৰয়োগ কৰে তাক লৈ শিক্ষিতচাম সচেতন হ'ব লাগে। নম্বৰমুখী শিক্ষাৰ প্ৰৱণতাই প্ৰকৃত জ্ঞান নৱপ্ৰজন্মমক প্ৰদান কৰিব পাৰে নে নাই সেয়া অনিশ্চিত, কিন্তু জ্ঞানমুখী শিক্ষাৰ প্ৰৱণতা থাকিলেহে যে পৰীক্ষাত লাভ কৰা নম্বৰকেইটা বা চাৰ্টিফিকেটখনৰ সমাজখনত মূল্য থাকিব সেইটো সচাঁ। কিন্তু বৰ্তমান প্ৰতিযোগিতাৰ দৌৰত যেন জ্ঞানৰ ধাৰণাটো কৰ'বাত বাদ পৰি অহা যেন কোনোবাখিনিত অনুভৱ হয়। কিয়নো বৰ্তমান প্ৰজন্মৰ এচামে পৰীক্ষাত ভাল নম্বৰ পায় সঁচা, কিন্তু বাস্তৱ পৃথিৱীখনত যেন সেই নম্বৰকেইটাৰ কোনো মূল্য নাই। কাৰণ সেইসকলে যিখিনি কথা পৰীক্ষাত লিখি নম্বৰ লাভ কৰে, সেই কথাখিনি বাস্তৱ জীৱনত কেতিয়াও প্ৰয়োগ কৰিবলৈ চেষ্টাই নকৰে। কিন্তু অপ্ৰিয় হ'লেও এটা কথা সত্য যে, কেৱল পৰীক্ষাত পোৱা কেইটামান নম্বৰে জীৱন নামৰ কিতাপখন ৰঙীন কৰি তুলিব নোৱাৰে, তাক ৰঙীন কৰি তুলিবলৈ প্ৰয়োজন হয় কিছুমান তুলিকাৰ, যি তুলিকাৰ অভাৱ কেৱল প্ৰকৃত জ্ঞানেহে পূৰণ কৰিব পাৰে।
বৰ্তমান শিক্ষাৰ ব্যৱস্থা যে নৱপ্ৰজন্মৰ হিতৰ পক্ষে নহয় তেনেকুৱা কোনো কথা নাই বা এই শিক্ষাই দেশৰ উন্নতিত অৰিহণা যোগাব নোৱাৰিব তেনেকুৱাও কোনো কথা নাই। এটা কথা ঠিক যে বৰ্তমান যি শিক্ষা ব্যৱস্থা প্ৰচলন হৈ আছে সেয়াই হৈছে শ্ৰেষ্ঠ শিক্ষা ব্যৱস্থা, যদি ইয়াতকৈ কিবা উন্নত শিক্ষা ব্যৱস্থা থাকিলেহেতেন শিক্ষিতচামে তাক নিশ্চয় প্ৰয়োগ কৰিলেহেঁতেন । গতিকে প্ৰয়োজন মাথো নৱপ্ৰজন্মৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰা, শিক্ষাক কেৱল নম্বৰৰ দৃষ্টিৰে লক্ষ্য নকৰি সৰ্বাংগীন বিকাশৰ আহিলা হিচাপে লক্ষ্য কৰা, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস হোৱা আৰু সমাজৰ পৰা নোহোৱা হ'বলৈ ধৰা মূল্যবোধসমূহ পুনৰ সজীৱ কৰি তোলা। এয়া বাস্তৱত পৰিণত হ'লে যে শিক্ষাই সমাজ বা দেশ এখনৰ উন্নতিত অৰিহণা যোগাব পাৰিব, সেইটো নিশ্চিত।
Nice
ReplyDelete