ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৮•নবীন চন্দ্ৰ মেধি

@admin
0
দিনবোৰ বৰ ব্যস্ততাৰ মাজেৰে পাৰ কৰিব লগা হৈছে । ইফালে ভাগিনীয়েক নিহাৰিকাৰ বিয়া । আনফালে ল'ৰা ছোৱালীৰ পৰীক্ষা । তাৰ মাজতেই আকৌ বেমাৰ আজাৰ । উপায় বিহীন হৈ পৰিছে । দোকানলৈ নগ'লেও নহয় । ভূতৰ ওপৰত দানৱৰ দৰে সি আকৌ মূৰত জাপি লৈছে আলোচনীৰ কাম । আৰু বৰ বেছি দিন নাই । মাত্ৰ দহদিন হাতত সময় আছে । এসপ্তাহৰ আগৰে পৰাই সি আজিৰ দিনটো নিৰ্বাচন কৰি থৈছিল । শেখৰদা আৰু মুকুন্দ মাধৱৰ সতে একেলগে আলোচনীখনৰ আৰ্হি পাঠ চাবলৈ বুলি সৰুপথাৰ পদুমণিত থকা ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰৰ জুহাল ডিটিপি কেন্দ্ৰলৈ যোৱাৰ কথা । দুপৰীয়া সময়ত তিনিও তালৈ যোৱাৰ কথা । তাৰ আগতে সি ঘৈণীয়েক ডালিমীক আৰু প্ৰতাপক বায়েকৰ ঘৰত থৈ উভতি আহিছিল ।  

পৰিণীতাৰ যোৱাকালি ৰাতিৰে পৰা জ্বৰ হৈ আছিল ।  সি আগতে আনি থোৱা পেৰাচিটামল চিৰাপৰ বটলটোৰ পৰা এচামুচ দৰৱ খোৱাই থৈ বায়েকৰ ঘৰলৈ গৈ উভতাৰ পথত চুঙাজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সোমাই দৰৱ লৈ আহিছিল ।  বায়েকৰ ঘৰৰ পৰা ১১বজাতে আহিছিল যদিও ঘৰ আহি পাওঁতে ১১ : ৩০ বাজিছিল । 

শেখৰদালৈ ফোন কৰিলে । ১২ বজাতহে বিদ্যালয়ৰ পৰা আহিবলৈ ওলাইছিল । শেখৰদাৰ ঘৰৰ পৰা তেখেতে শিক্ষকতা কৰা বিদ্যালয় খনলৈ দূৰত্ব বহুত বেছি । বাইকেৰে আহোঁতেই আধা ঘণ্টা সময় লাগিছিল । নিৰ্মল কুমাৰে এঘাৰ বছৰীয়া  ছোৱালীজনীক ঘৰত অকলে এৰি থৈ সৰুপথাৰলৈ যাব লগা হৈছে । উপায় নাই । ইফালে তাইৰ অসুখ । দৰৱ পাতি খোৱাই হাতত এটি মোবাইল দি থৈ গৈছে যাতে কিবা অসুবিধা হ'লে ফোন কৰি জনাব পাৰে । চাৰি বজাৰ আগত হয়তো ঘুৰি আহিব নোৱাৰিবও পাৰে । 

: ঘৰৰ ভিতৰতে সোমাই থাকিবি । ক'লৈকো নাযাবি । ভাত দাইল আছে । ভোক লাগিলে পিছত খাই ল'বি । কিবা দৰকাৰ হ'লে ফোন কৰিবি । 

জীয়েকক নানা ধৰণৰ উপদেশ দি থৈ সি ১২ বজাত স্প্লেণ্ডাৰ এক্স টেকখন লৈ ঘৰৰ পৰা ওলাই গ'ল । গৈ মৰাজান মধ্য ইংৰাজী বিদ্যালয়ত সোমাই ১০ মাৰ্চ , ২০২৪ তাৰিখে মন্দাকিনী আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সকলোকে জনাই শেখৰদাৰ ঘৰ পাইছিলগৈ । 

ইতিমধ্যে শেখৰদা আহি পাইছিলহি । বিশেষ আলোচনা নকৰি দুয়ো কম সময়ৰ ভিতৰতে একেলগে একেখন বাইকেৰে ওলাই আহিছিল আৰু মুকুন্দক লগত লৈ সৰুপথাৰলৈ ৰাওনা হৈছিল । এক বজাত সিহঁতে পদুমণি পালেগৈ । সি ছাৰলৈ ফোন লগালে । ছাৰ তেতিয়াও কলেজৰ পৰা আহি পোৱা নাই । অলপ সময় জিৰণি ল'বলৈ কৈ ছাৰে কলেজৰ পৰা ওলাইছিল । 

ইতিমধ্যে ছাৰ আহি পাইছিলহি আৰু জুহালত কৰ্মৰত ছাৰৰ ছাত্ৰী দুগৰাকীক ছাৰে চাহ আনিবলৈ পঠিয়াইছিল । চাহ খাই খাই চাৰিওজনে লগ হৈ কথা বতৰা পাতিলে আৰু ডিটিপি কৰা কপি এটা উলিয়াই লৈ বানান শুধৰণি কৰিবলৈ ল'লে । 

ডেৰঘণ্টা সময় ডিটিপি কেন্দ্ৰত কটাই তিনিও বিদায় ল'লে । এইবাৰ সৰুপথাৰৰ ৰ'দ কাঁচলি প্ৰিণ্টিং প্ৰেছলৈ আহিল । মন্দাকিনী তিনিমহীয়া অসমীয়া কাব্যালোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ এই প্ৰেছৰ পৰাই কৰা হ'ব । অন্যান্য কাম আছিল । সেইখিনি কাম কৰি মেলি তিনিও মৌচাক হোটেলতে চাহ পৰঠা খাবলৈ সোমালে । ৰাইজৰ কাম কৰিলে কি হ'ব  , পকেটৰ ধন খৰচ কৰি অহা যোৱা , খোৱা বোৱা , দিয়া লোৱা সকলো কৰিব পাৰিব লাগিব । তাৰ পিছতো আলোচনীখন এনেকুৱাহে হ'ল , তেনেকুৱাহে হ'ল , আদি যিজনে ধৈৰ্য ধৰি শুনিব পাৰিব সিহে সফল হ'ব পাৰিব ।  

দেৰি কৰিবলৈ আৰু সময় নাছিল । চাৰিটা বাজি পাৰ হৈ গৈছিল । সি পৰিণীতালৈ ফোন লগালে । 

: মা পালেহি নেকি ? জ্বৰ আকৌ উঠিছিলে নেকি ? দৰৱ খালিনে ? আমি গৈ আছো বাৰু । 

পৰিণীতাই সকলো প্ৰত্তোত্তৰ দিয়াৰ পাছত ক'লে 

: পাপা মেগি লৈ আনিবি । মোৰ ভাত খাবলৈ মন যোৱা নাই । আৰু সোনকালে আহিবি । অকলে অকলে ভাল লগা নাই । গধূলি হ'ব এতিয়া । 

কথাষাৰ মিছা নহয় । ঘৰত বেমাৰী ছোৱালীজনী অকলে থৈ ৰাইজৰ কামত ঘূৰি ফুৰিব লগা হৈছে । সি ৰৈ নাথাকিল । ততাতৈয়াকৈ ঘৰলৈ ৰাওনা হ'ল । মৰাজান পাইছিলহি ।  মুকুন্দ আৰু শেখৰদা নিজৰ পদুলিয়ে পদুলিয়ে নামি গ'ল । এতিয়াও নিৰ্মলৰ ঘৰলৈ চাৰি পাঁচ কিলোমিটাৰ দূৰত্ব বাকী আছে । চুঙাজান পাই দোকানত সোমাই পৰিণীতালৈ মেগি দুই পেকেট লৈ ঘৰলৈ উভতি আহিছিল । ইতিমধ্যে সন্ধিয়া হ'বৰ হৈছিল । পৰিণীতাই ঘৰৰ ভিতৰতে সোমাই আছিল । গাড়ী অহা শব্দ শুনি দৰ্জা খুলি দিছিল । 

মাক পুতেক তেতিয়ালৈ আহি পোৱা নাছিল । সি নিজেই ঘৰ সাৰিলে , পানী ভৰালে আৰু জুই ধৰি মেগি বনাই গৰম পানী কৰি পৰিণীতাক খাবলৈ দিলে । এতিয়াহে যেন পৰিণীতাই অলপ আৰাম পাইছিল । ৰাতিৰ ভাত সাঁজৰ ব্যৱস্থা কৰি পৰিণীতাক খাবলৈ দিলে আৰু দৰৱ খোৱাই বোৱাই অলপ পঢ়িবলৈ দি নিজেও মন্দাকিনীৰ কামত ব্যস্ত হৈ পৰিল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)