আধুনিকতাৰ চক্রবেহুত পুঁজিবোৰো হেৰাই যোৱাৰ উপক্ৰম-সুনম বিশ্বাস

©Admin
0
অসমীয়া গাঁৱলীয়া সমাজৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ পুঁজি। প্রত্যেকৰে ঘৰৰ পদূলিত বা ঘৰৰ পিছফালে পূঁজিটো থাকিবই। ই যেন  আভিজাত্যৰ কীৰ্তিস্তম্ভ। কৃষকে খেতি চপোৱাৰ পিছত খেৰেৰে পদূলিত পূঁজি পতা দেখা যায়। বাৰিষাকালত গৰুৰ খাদ্য হিচাপে সংৰক্ষণ কৰি ৰাখে। বৰষুণৰ পৰা ৰক্ষাৰ্থে তিৰপাল দি মেৰিয়াই দিয়াও পৰিলক্ষিত হয়। আহ! কৃষকৰ কষ্টৰ ৰহঘৰাটো  দেখিবলৈ সঁচাই মনোমোহা। 
      কিন্তু বর্তমান আধুনিকতাৰ ধামমুখীয়াত  আমি সকলোৱে চহৰমুখী হৈ উঠিছোঁ ।  শিক্ষা-দীক্ষা গ্রহণ কৰি বাপতি সাহোন - কৃষিকৰ্ম কৰিবলৈ যেন আমাৰ লাজ লাগে । আনকি গাঁৱলীয়া হিচাপে পৰিচয় দিবলৈয়ো আমাৰ ওঁঠত লাগে । 'যাৰ নাই গৰু, সি, সবাতোকৈ সৰু '  আজি সেই প্ৰবাদবাক্যটি যেন সাৰশূণ্য হৈ পৰিছে। চাকৰীবলিয়া  সমাজে কৃষি কাৰ্যৰ  আমেজ লোৱা আৰু গৰু পোহাৰ কথাটো  প্রত্যাহ্বান স্বৰূপ। কৃষি কৰিয়েই যেন প্রত্যেক ঘৰ আলোকৰে শোভাবৰ্দ্ধন কৰিছিল গোহালীৰ গৰুৱে । চহা কৃষকৰ পৰম বন্ধু আছিল কিন্তু সময়ৰ পাকচক্ৰত  পৰি সকলোবোৰ সলনি হোৱাৰ দৰে  কৃষকৰ জীৱন ধাৰণ প্ৰক্ৰিয়াতো পৰিৱৰ্তনৰ বা বলিছে । আজি কৃষকৰ কণাৰ লাখুটিস্বৰূপ হালোৱা গৰুহালৰ ঠাই দখল কৰিলে আধুনিক ট্ৰেক্টৰে। গাঁৱত বাস কৰা বহু লোকেই খেতি এৰি অন্য কামত নিয়োজিত হ'বলৈ বাধ্য হৈছে । যাৰ পৰিণতিত খেতি-বাতিৰ প্ৰতি থকা চহা জীৱনৰ একাত্মবোধ লাহে লাহে কালৰ সোঁতত জাহ গৈছে। তেনে পৰিপ্ৰেক্ষিতত যেন লাহে লাহে গৰুৰ প্ৰতি কৃষকৰ পূৰ্বৰ দৃষ্টিভংগীও সলনি হৈ পৰিছে আৰু তাৰ ঠাই দখল কৰিছে  কুকুৰ, মেকুৰীয়ে। 
     আমি  ইমানেই আধুনিক হৈ গৈছো যে গৰু পোহাৰ বিপৰীতে হাজাৰ হাজাৰ টকা ব্যয় কৰি বিলাতী কুকুৰ পোহাৰ প্ৰতিযোগিতাত নামি পৰিছো । এতিয়াৰ প্ৰজন্মৰ ব্যৱধান আনিলে যেন কুকুৰে। আধুনিকতাৰ ঢৌৱে পৃথিৱীৰ সমস্ত দিশতে পৰিৱৰ্তন কঢ়িয়াই আনিছে। এই পৰিপ্ৰেক্ষিতত  পুঁজিৰ অস্তিত্ব বজাই ৰখাৰ ক্ষেত্ৰতো আমি ব্যৰ্থ । কাল ভাবুকি হৈ আহিছে আধুনিক যুগ ।
     সাম্প্ৰতিক যুগত ব্যস্ততাৰে ভৰা অসমৰ জনজীৱনত অসমীয়া ৰাইজে কিন্তু পাহৰা নাই গৰুৰ  গাখীৰেৰে একাপ চাহ খোৱাৰ কথা। যিহেতু আধুনিক আভিজাত্য ভোগ - বিলাসিতাৰ প্ৰতীক কুকুৰ সেয়ে গৰুৰ গাখীৰ কথা কল্পনা নকৰি কুকুৰ গাখীৰ খোৱাই উচিত নহয় জানো ....!
     গতিকে আমি ক'ব পাৰোঁ যে কালৰ সোঁতত আমাৰ অস্তিত্ব এৰি দিলে আমাৰ পৰম্পৰাগত  কলা-সংস্কৃতিৰ গৌৰৱৰ ধ্বজা উৰুৱাবলৈ  অক্ষম হম । তাৰ প্ৰতি  আমি সকলোৱে সচেতন হোৱাটো উচিত। ন'হলে একালত কেৱল, ইতিহাসৰ পৃষ্ঠা দখল কৰিবলৈ সক্ষম  হ'ব আমাৰ  পূঁজিটো ।

✍️সুনম বিশ্বাস 
গোৰেশ্বৰ, তামুলপুৰ 
ফোন:8636221223


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)