তাই হোৱাটছপটো খুলি চালে। তাৰপিছত ষ্টেটাচৰ দীঘল স্তম্ভটোৰ প্ৰথমটোত চুই দিলে। এফালৰ পৰা তাই তাইৰ কন্টেক লিষ্টৰ চবৰে ষ্টেটাচ চাই গৈছে। কাৰোবাৰ পাৰ্টিৰ উল্লাস আনন্দ, কাৰোবাৰ বোলে ৰিচাৰ্ছ শেষ হ'ল, তেওঁ যেন হোৱাটছপৰ পৰা বহু বছৰ আঁতৰি থাকিব ; লিখিছে -"আই মিছ ইউ হোৱাটছপ", কাৰোবাৰ আকৌ লাভ ব্ৰেক আপ, কোনোবাই আকৌ তৃষ্ণাতুৰ মণিষীৰ দৰে লিখিব -ভাল পাব খোজোঁ আকৌ এবাৰ... "
মুঠতে তাইৰ মূৰটো পোকে কামোৰাৰ দৰে কৰিছে। আৰু নাচাও বুলি লওঁতে তাই হঠাৎ ৰৈ গ'ল- এইখন আকৌ কাৰ হাত কাটিলে? এখন ব্লেডে তেজেৰে বিৰিঙা হাতৰ ওপৰত ৰাখি থোৱা আছে। ষ্টেটাচৰ তলত লিখা আছে-" তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ প্ৰস্তুতি"! তাই আকৌ অবাক লাগিলে। অলপ আগতে অভিৰ সৈতে হৈ যোৱা কাজিয়া খনৰ বাবে সি হাত কাটি লৈছে....???
লগে লগে প্ৰস্তুতিয়ে অভিলৈ ফোন কল কৰি বিষয়টো অলপ শিথিল কৰিলে।
পিছদিনা,
তাই কলেজলৈ আহি আছে। কলেজৰ গেটৰ সমুখত অভি ৰৈ আছে।
তাই যোৱা দেখি অভি আগবাঢ়ি আহিল।
: কালি কথাটোৰ কাৰণে অলপো বেয়া নাপাবা দেই। মই মানে কালি বহুত ডিপ্ৰেচনত আছিলোঁ।
: অ হয় নি! তোমাৰ হাতখন চাওঁ...
অভিয়ে লুকুৱাব খোজা হাতখন তাই থাপ্ মাৰি আজুৰি আনিলে।
: কʼতা...?ব্লেডেৰে কটা হাতৰ দাগ.... ! মই হা কোৱাত একে ৰাতিতে দাগ শুকাই গ'ল!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ