ইছলামধৰ্মী মুছলিম লোকসকলে বিশ্বাস কৰে যে, ৬১০ খৃষ্টাব্দত আল্লাহৰ ফেৰেষ্টা (দেৱদূত) জিব্ৰাইলে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ(ছঃ)ৰ সন্মুখত ঠিয় হৈ ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰআনত (Quran) লাইলাতুল কদৰ (Night of power) ইছলামিক পঞ্জিকা অনুসৰি পবিত্ৰতম নৱতম চান্দ্ৰ মাহ ৰমজান বা ৰমাদান মাহত নাজিল বা অৱত্তীৰ্ণ হৈছে। গতিকে এই লাইলাতুল কদৰ ৰাতিৰ মহিমাক সম্পূৰ্ণ ৰূপে আয়ত্ত কৰিবলৈ সকলো মুছলিমে ৰোজা ৰখা নিতান্তই প্ৰয়োজন বুলি ভাৱে।
প্ৰকৃততে আৰবী হিজৰী চনৰ দ্বিতীয় বছৰ অৰ্থাৎ ৬২৪ খৃষ্টাব্দত যেতিয়া হজৰত মহম্মদে (ছঃ) শিষ্যবৰ্গৰে সৈতে পৌত্তলিকধৰ্মী মক্কাবাসীৰ নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ৩০০ কিল'মিটাৰ দূৰত্বত অৱস্থিত মদিনা চহৰত আশ্ৰয় গ্ৰহণ কৰিছিল, সেইসময়ত পোনপ্ৰথমে ইছলামিক অষ্টম মাহ শ্বাবান মাহত এক নিৰ্দেশ মৰ্মে নৱম মাহ ৰমজান বা ৰমাদান মাহত সকলো দুখ-যন্ত্ৰণাৰ পৰা মুক্ত হৈ আল্লাহ -তাৱালাৰ আধ্যাত্মিক তাকওৱা(Taqwa) (Fear of Allah) লাভ কৰিবলৈ ৰোজা ৰখা আৰম্ভ কৰে।
পবিত্ৰ কোৰআন(Quran) শ্বৰীফৰ দ্বিতীয় খণ্ডৰ ১৮৩ চুৰাত উল্লেখ আছে যে, “o you who believe, fasting is prescribed for you as it was prescribed for those who were before you ,in order that you may learn Taqwa (piety) Taqwa is a very spritual and ethical terms in Quran) অৰ্থাৎ হে বিশ্বাসী সকল , তোমালোকৰ ওপৰত ৰোজা ৰখা বাধ্যতামূলক কৰাৰ দৰে, তোমালোকৰ পূৰ্বৱৰ্তী বিশ্বাসী সকলকো ৰোজা ৰখা বাধ্যতামূলক কৰা হৈছিল,যাতে পবিত্ৰ গ্ৰন্থ কোৰআনত উল্লেখ থকা আধ্যাত্মিক আৰু নৈতিক মূল্যবোধৰ তাকওৱা(Taqwa) লাভ কৰিব পাৰে।
ইয়াৰ পৰাই বুজিব পাৰি যে, অতি প্ৰাচীন কালৰে পৰা ৰোজা ৰখাৰ (Fasting)নিয়ম বিভিন্ন পদ্ধতিৰে ৰোজা/ উপবাস/ ব্ৰত হিচাপে বিভিন্ন ধৰ্মাৱলম্বী লোক সকলে পালন কৰি আহিছে।
উদাহৰণ স্বৰূপে, ১৫০০ খৃষ্টাপূৰ্বত বৈদিক হিন্দু আৰু জৈন ধৰ্মাৱলম্বী লোক সকলে কঠোৰ পৰিশ্ৰম আৰু অতিৰিক্ত ভোজনৰ কষ্টৰ লাঘৱ কৰিবলৈ ৰোজা অৰ্থাৎ উপবাস বা ব্ৰত পালন কৰা দিনবোৰক পবিত্ৰতম দিন হিচাপে গণ্য কৰিছিল।
বৌদ্ধ ধৰ্মৰ প্ৰচাৰক গৌতম বুদ্ধই ৫৬০ খৃষ্টপূৰ্বত বিহাৰৰ গয়াৰ এক গভীৰ অৰণ্যৰ বৃহৎ গছৰ তলত বহি ধ্যানস্থ আৰু ব্ৰত (Fasting) পালন কৰি বৌদ্ধ ধৰ্মৰ মূল তত্ত্ব লাভ কৰিছিল। পঞ্চম খৃষ্টপূৰ্বত গ্ৰীক চিকিৎসক হিপোক্ৰেটছে কিছুমান ৰোগৰ পৰা মুক্তি লাভ কৰিবলৈ ৰোগীসকলক ৰোজা ৰাখিবলৈ (Fasting) নিৰ্দেশ দিছিল । হাদীছত বৰ্ণনা কৰা মতে প্ৰাক- ইছলামিক যুগতো (Pre-Islamic age) আৰব
দেশৰ পৌত্তলিক উপাসনাকাৰী লোক সকলেও আৰবী দশমতম মাহ মহৰম মাহত ৰোজা ৰাখিছিল ; কাৰণ এই মাহত ইহুদী ধৰ্মৰ প্ৰৱৰ্তক মছীহক (ইছলামিক মতে মুছা নবী) সৃষ্টিকৰ্তা আল্লাহ তাৱালাই মিছৰৰ অত্যাচাৰী সম্ৰাট ফাৰাওৰ হাতৰ পৰা ৰক্ষা কৰি ফাৰাওক নীল সাগৰত ডুবাই দিছিল।
যদিও প্ৰচীন কালৰে পৰাই মানৱ-সমাজত ৰোজা ৰখা দিনবোৰক পবিত্ৰতম দিন হিচাপে পালন কৰা হৈছিল, তথাপি ইছলামিক ধৰ্ম মতে ৰোজা ৰখাৰ নিয়ম -পদ্ধতি সম্পূৰ্ণ বেলেগ ধৰণৰ। পোন প্ৰথমবাৰৰ বাবে ৰোজাক ইছলাম ধৰ্মৰ মুঠ পাঁচটা প্ৰধান স্তম্ভৰ ভিতৰত ৰোজাকো এটি বিশেষ চতুৰ্থ স্তম্ভ হিচাপে ইছলাম ধৰ্মৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছে।
আচলতে ৰোজা ফাৰ্চী ভাষাৰ শব্দ। ৰোজ অৰ্থাৎ দৈনিক শব্দৰ পৰা ই উদ্ভৱ হৈছে। ৰোজাক আৰবী ভাষাত ছিয়াম বুলি কোৱা হয় ; যাৰ অৰ্থ হৈছে বিৰত থকা। ছুবহ ছাদেক (পুৱতি নিশা) ৰাতিপুৱাৰ ফজৰৰ নামাজৰ আজান দিয়াৰ আগতে ৰোজা ৰখাৰ বাবে ছেহেৰী( খাদ্য) খাই ৰোজা ৰখাৰ নিয়েত বন্ধা হয়। তাৰ পিছত সূৰ্যাস্তৰ মগৰিবৰ নামাজৰ আজান দিয়াৰ লগে লগে ইফতাৰৰ নিয়েত পাঠ কৰি ইফতাৰ অৰ্থাৎ পানী আৰু বিভিন্ন ফলমূল খাই ৰোজা ভঙ্গ কৰা হয় । সৰ্বমুঠ ১৪ ঘন্টা বা গৰমৰ দিনত ১৬ ঘন্টালৈকে ( কোনো কোনো দেশত দীৰ্ঘতম সময়) সকলো প্ৰকাৰৰ খাদ্য,পানাহাৰ, ধুমপান আৰু যৌনকৰ্মৰ পৰা ৰোজা বা ছিয়েম পালন কৰাৰ জৰিয়তে নিজকে বিৰত ৰখা হয়। ইছলাম ধৰ্ম মতে ৰোজা বা ছিয়েমক আত্ম সংযম, কঠোৰ নিয়মানুৱৰ্তিতা, ধৰ্মীয় অনুশাসনক আখৰে আখৰে পালন কৰাৰ কৃচ্ছ্ব সাধনাৰ মাধ্যম হিচাপে গণ্য কৰা হয়।
সকলো প্ৰকাৰৰ কবীৰা গুনাহ( ডাঙৰ অপৰাধ মূলক কাৰ্য ,যেনে , চৌৰ্য কৰ্ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অত্যাচাৰ, লুণ্ঠন, হত্যা, ধৰ্ষণ, মদ্যপান,ড্ৰাগছ সেৱন, ঘোচ খোৱা, শিশু আৰু নাৰী অপহৰণ , সম্পত্তি বে-দখল আৰু নানা ধৰণৰ অবৈধ কৰ্ম) আৰু ছবীৰা গুনাহ ( সৰু ধৰণৰ অপৰাধ কাৰ্য) যেনে বেলেগৰ বদনাম বা মিছা অপবাদ দিয়া, আত্ম প্ৰশংসা কৰা আৰু বেলেগক তুচ্ছ তাচ্ছিল্য কৰা , সামান্য কাৰণত বেলেগক গালি-শপনি বা হাই-কাজিয়া কৰা। কাৰণ নোহোৱাকৈ পৰিয়ালৰ কাকো বা কোনো ব্যক্তিক সন্দেহ বা শত্ৰুতা জ্ঞান কৰা , উচ্চস্বৰে বাক্যলাপ কৰা , নামাজ পঢ়ি থাকোঁতেই হাঁহা বা কান্দা , অতিৰিক্ত ভাবে আনন্দ-বিনোদন কৰা( অৱশ্যে সংযত আৰু সুৰুচিপূৰ্ণ ভাবে সংগীত , নাটক, শিল্প, সাহিত্য,সংস্কৃতি পৰিৱেশন কৰাত আপত্তি নাই) ইত্যাদি বিৰত থকাৰ মাজতে ৰোজা ৰখাৰ অন্তৰ্নিহিত মৌলিক তাৎপৰ্য অনুধাৱন কৰিব পাৰি।
প্ৰকৃততে ৰোজা ৰখাৰ মাজেৰে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। এজন ৰোজাদাৰ ব্যক্তিয়ে ৰমজান বা ৰমাদান মাহৰ সম্পূৰ্ণ ২৯ বা ৩০ দিন ৰোজা ৰখাৰ উপৰিও পাঁচ ওৱাক্ত নামাজ, জুম্মাৰ নামাজৰ উপৰিও প্ৰতি নিশাই এশাৰৰ নামাজৰ পিছত শৰীৰ হালকা বা পাতল ৰখাৰ বাবে তাৰাবীৰ নামাজ বাধ্যতামূলক।
ৰোজা ৰখাৰ মাধ্যমত সামাজিক বৈষম্য দূৰ কৰাৰ বাবেও চেষ্টা কৰা হয়। গোটেই দিনটো একো নোখোৱাকৈ থাকি পাৰ কৰি দুখীয়া-নিছলা লোকসকলে দৰিদ্ৰতাৰ কেনে দুৰ্বিসহ যন্ত্ৰণা ভোগ কৰে,তাক উপলব্ধি কৰি তেওঁলোকৰ সম-ভাগী হোৱাৰ প্ৰয়াস কৰা হয়। সেই কাৰণে, গোটেই ৰমজান বা ৰমাদান মাহত জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে সকলো দুখীয়া মানুহক ইফতাৰ আৰু ছেহেৰীৰ অংশীদাৰ কৰাৰ উপৰিও তেওঁলোকক অন্ন, বস্ত্ৰ আৰু চিকিৎসাৰ বাবেও সকলো সা-সুবিধা দান কৰা হয়। তদুপৰি ধনী ব্যক্তি সকলে দুখীয়া মানুহক ইছলামিক নিয়ম অনুসৰি ফিৎৰা আৰু উপাৰ্জিত ধনৰ কিয়দংশ জাকাত আদায় কৰা বাধ্যতামূলক।
প্ৰাকৃতিক বিজ্ঞানী সকলৰ মতেও দিনৰ ভাগত খাদ্যাদি ভোগ কৰাৰ নিয়ম সলনি কৰি ৰাতিৰ ভাগত খাদ্যাদি গ্ৰহণ কৰিলে শাৰীৰিক উৎকৰ্ষ সাধন হয় । ৰোজাৰ ওপৰত গৱেষণা কৰি বিস্ময়কৰ তথ্য দি ২০১৬ চনত নোবেল বঁটা লাভ কৰিছে জাপানী গৱেষক আৰু বিজ্ঞানী অছিনৰি অছুমী। তেওঁ কৈছিল যে, মুছলমানসকলে যাক ৰোজা বুলি কয়, তাক মই কওঁ " অটোফেজি।" আমি নিয়মীয়াকৈ দৈনিক খাদ্য সামগ্ৰী ভোগ কৰি থকাৰ ফলত বেছিভাগ ক্ষেত্ৰতে খাদ্যাদি ঠিক মতে হজম নহৈ কিছুমান অলাগতীয়াল ক্ষতিকাৰক পদাৰ্থ পেটৰ ভিতৰত জমা হৈ নানা জটিল ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। গতিকে এমাহলৈ ৰোজা ৰখাৰ ফলত অনাকাঙ্খিত পদাৰ্থসমূহ হজম হৈ শৰীৰ ৰোগ-মুক্ত হৈ স্বাস্থ্য সুন্দৰ হৈ পৰে। এই পদ্ধতিৰ নামেই হ'ল অটোফেজি। স্বাস্থ্য বিজ্ঞানী ডাঃ শ্বেলটনে কৈছে যে, ৰোজাৰ মাধ্যমত শৰীৰত থকা চৰ্বি,প্ৰোটিন, শৰ্কৰা জাতীয় পদাৰ্থসমূহ স্বয়ং পাচিত হয় , ফলত গুৰুত্বপূৰ্ণ কোষ সমূহে পৰিপুষ্ট লাভ কৰে। ন'বেল বঁটা বিজয়ী ঔষধ আৰু শল্য প্ৰখ্যাত চিকিৎসক ডাঃ অ্যালেকছিছে কৈছে যে, ৰোজাৰ মাধ্যমত যকৃতৰ ৰক্ত সঞ্চালন দ্ৰুত হয়। ফলত ত্বকৰ তলত থকা সঞ্চিত চৰ্বি, পেশীৰ প্ৰোটিন, গ্ৰন্থিসমূহ আৰু যকৃতৰ কোষবোৰ দ্ৰুত আন্দোলিত হয় । আভ্যন্তৰীণ দেহৰ যন্ত্ৰৰ সংৰক্ষণ আৰু হৃদপিণ্ডৰ নিৰাপত্তাৰ বাবে অন্যান্য দেহাংশৰ বিক্ৰিয়া বন্ধ ৰাখে। মুঠতে খাদ্যাভাৱ বা আৰামদায়ক জীৱন যাপন কৰাৰ বাবে শৰীৰৰ যি ক্ষতি সাধন হয়, ৰোজা ৰখাৰ মাধ্যমত সি পূৰণ হয়।
সেই কাৰণে, ৰোজা ৰখাৰ বাবে ইছলামত বিভিন্ন নীতি-নিৰ্দেশনা দিয়া আছে।
বিশেষকৈ ৰমজান বা ৰমাদান মাহৰ শেষৰ দহদিন লায়লাতুল কদৰ (Night of power) প্ৰত্যেকজন ৰোজাদাৰীয়ে আল্লাহৰ প্ৰাপ্তি লাভ কৰিবলৈ বেছি বেছিকৈ উপাসনাত মত্ত থকা, কোৰআন শ্বৰীফ পাঠ,ধৰ্ম আলোচনা, জিকিৰ কৰা, আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে অহৰহ প্ৰচেষ্টা,বিভিন্ন দান-বৰঙণি প্ৰদান, সৎ কৰ্মত নিয়োজিত, বিভিন্ন প্ৰশিক্ষণ আদিত মনোঃসংযোগ ,অইন ধৰ্মাৱলম্বী লোকসকলে পৰিৱেশন কৰা উপহাৰ, ইফতাৰ আৰু ছেহেৰীৰ খাদ্য আদি স-হাস্য বদনেৰে তৃপ্তি সহকাৰে গ্ৰহণ , সকলোৰে সৈতে মিলা-প্ৰীতিৰে থকা,সৌহাৰ্দপূৰ্ণ আচৰণ কৰাৰ বাবে সমাজত এক সুন্দৰ পৰিবেশ গঢ়ি তোলা উচিত।
আবু হুৰাইৰাত বৰ্ণিত হৈছে যে , লায়তাতুল কদৰৰ ৰাতিত ( ৰমজান বা ৰমাদান মাহৰ শেষৰ দহদিন) ৰোজা ৰখা মুছলিম এজনে খোদাৰ ওপৰত সম্পূৰ্ণ আত্মসমৰ্পন কৰিলে তেওঁ আগতে কৰা সকলো পাপ মুক্ত হয়। এনেকি এই গোটেই মাহটো মনে-প্ৰাণে ৰোজা পালন কৰিলে তেওঁৰ সকলো কবীৰা গুনাহ নিস্তেজ হৈ পৰে আৰু ছবীৰা গুনাহ মাফ হৈ যায় । সাধাৰণতে এজন মুছলমানে কোনো পুণ্য কৰ্ম কৰিলে,পুণ্য অৰ্জন কৰা অনুসৰি তেওঁ পুৰস্কাৰ লাভ কৰে ; অথচ ৰোজা ৰখা ব্যক্তিজনক স্বয়ং আল্লাহ -তাৱালাই নিজ হাতে পুৰস্কাৰ দান কৰে। গতিকে ৰোজাৰ পুৰস্কাৰ অতুলনীয় আৰু আল্লাহৰ অনবদ্য অৱদান।
নিঃসন্দেহে, ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বাবে " ৰোজা" স্বৰ্গপ্ৰাপ্তিৰ এখন বিশেষ সোপান।
অইন অইন ধৰ্মাৱলম্বী লোক সকলেও ৰোজা/ উপবাস/ ব্ৰত পালন কৰি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ আগবাঢ়ি অহা উচিত। বছৰেকৰ প্ৰতি মাহতে এদিন বা দুদিন ৰোজা ৰাখি মানসিক শান্তি বজায় ৰাখিব পাৰিব বুলি ধাৰণা কৰিব পাৰি।
সংক্ষেপে ৰোজাৰ উৎপত্তি আৰু ইয়াৰ তাৎপৰ্য সম্পৰ্কে আলোকপাত কৰি সকলোকে আচ্ছালামু আলায় কুম (অৰ্থাৎ সকলৰ ওপৰত আল্লাহ -তাৱালাই শান্তি বৰ্ষণ কৰক) বুলি সকলোৰে শান্তি কামনা কৰিলোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ