হৃদয়ত তোমাৰ নাম-বন্তী দত্ত

©Admin
0
তুমি জানা!
মোৰ স্বপ্নৰ পৃথিৱীত 
তুমি কৰিছা বিচৰণ;
তোমাৰ সুকোমল মনৰ স্নিগ্ধতাই
মোৰ আকলুৱা হৃদয়ত সৃষ্টি কৰে
সীমাহীন আলোড়ন।
যেতিয়া তোমাৰ প্ৰতি থকা ভাৱনাবোৰে
আৱৰি ৰাখে মোক,
জীপাল হৃদয়ত ফুলে, হেঁপাহৰ জোন।
তোমাক মনত ৰাখি কবিতাৰ মালা গাঁথোঁ
তোমাৰ বাবেই শব্দৰ মায়াজাল ৰচোঁ।
আৰু...
আৰু কি জানা!
হৃদয়ৰ সেউজীয়াত ভালপোৱাৰ ৰঙাখিনিয়ে
আঁকি পেলাওঁ কবিতাৰ ৰাগী।
নানাৰঙী অনুভৱেৰে মোৰ এই হৃদয়ত
সযতনে থওঁ তোমাৰ প্ৰতি
মোৰ মৰমবোৰ সাঁচি।
তোমাৰ প্ৰেমৰ প্ৰথমজাক বৰষুণত
মোক তিতিবলৈ দিয়া; 
তোমাৰ হাতৰ কোমল পৰশক
চুমিবলৈ দিয়ানা!
উপলব্ধি কৰিবলৈ দিয়া সময়বোৰক
যিবোৰ সময় উচৰ্গিত তোমাৰ নামত।
তোমাৰ অজ্ঞাতেই
মোৰ জীৱন ডায়েৰীৰ প্ৰতিখিলা পাতত
লিপিৱদ্ধ কৰি থওঁ তোমাৰ হাঁহিবোৰ;
যি হাঁহিয়েই জীপাল কৰি তুলিব
মোৰ হৃদয়ৰ প্ৰতিটো চুক-কোণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)