সাৰে আছানে দেৱাঞ্জনা- নিতু মণি তালুকদাৰ

©Admin
0
নীৰৱ
এতিয়া সকলো নীৰৱ
নিশাৰ আন্ধাৰত সকলো এতিয়া 
গভীৰ টোপনিত
তুমি সাৰে আছানে 
 দেৱাঞ্জনা? 
 সাৰে আছোঁ মই 
 আৰু সাৰে আছে পৃথিৱী
 প্ৰতিপল তোমাৰ সুবাস বিয়পাই
এই বতাহজাকে. 
দুচকুত মাথোঁ 
তোমাৰ ছবি ভাঁহে
 ৰিক্ত 
হৃদয়েও তোমাকে বিচাৰে
তোমাৰ বাৰু মোলৈ 
মনত পৰেনে? 
    আমি যে কিমান….. 
  এহ নকওঁ দিয়া 
তুমি চাগে বেজাৰ পাবা, 
যদিও তুমি মোক পাহৰিলা
তথাপিও 
মই আজিও ৰৈ আছোঁ
তোমালৈ
কুশলে থাকা তুমি 
 প্ৰতিপল মোৰ হৃদয়ে কয়
এৰা 
তুমি বাৰু সাৰে আছানে 
দেৱাঞ্জনা? 
মই আছোঁ 
তোমাৰ অপেক্ষাত 
 কিজানিবা আকাশলৈ চোৱা
এবাৰ গভীৰ নিশাত


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)