ছায়া-হৃষিকেশ শৰ্ম্মা

©Admin
0
ৰূপালী ৰঙৰ এটি ঘড়ী
আছে হাতত জিলিকি

ষ্ট্ৰীটলাইটৰ পোহৰ পৰ্যাপ্ত নহয়
পোহৰাবলৈ এটি এন্ধাৰ পথ

বাটৰ দুয়োকাষে খালী পদপথ
দোকান-পোহাৰবোৰো তলাবদ্ধ

খোজকাঢ়ি গৈ গৈ দেখা নাই
কোনো মানুহ কিম্বা কুকুৰ কিম্বা লক্ষ্য

ঘড়ীত সময়ৰ মান প্ৰায় দুই বাজি গৈছে
নিৰ্বিকাৰ লক্ষ্য, বিধ্বংসী এন্ধাৰ

জয়-পৰাজয়ৰ মাজতে আৱদ্ধ নেকি
সকলোৰে জীৱনৰ সংজ্ঞা

কিমান নিসংগ হʼলে মানুহে
নিজৰ লগতে কথা পাতি সন্তোষ লভে

নিজে নিজে কিছুমান কাল্পনিক চৰিত্ৰৰ 
জন্মৰ আঁৰত থাকে নিসংগতা

কোনো হেয়ৰ পাত্ৰ নহয় নিসংগতা
বৰং হয় বহু সৃষ্টিৰ আখৰাস্থল

নিৰ্জনতা মোৰ প্ৰিয় 
লগতে নিসংগতাও

সেয়ে

মই গৰ্বিত 
যে মই নিসংগ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)