মোৰ অনুভৱ• গায়ত্রী ছেত্রী

Rinku Rajowar
0
নাজানিছিলোঁ  মই কবিৰ ভাষা
নাই মোৰ কাব্যিকতা
নাছিলো মই কাহানিও ভবা 
লিখিম মই কবিতা
আশীষ তোমাৰেই জানা 
তুমি মোক যি দিলা 
তাৰেই পালো এক আশা
লিখিব ল'লো  হৃদয়ৰ ভাষা
সৃজন হ'ল এটি কবিতা
তুমিয়ে  শিকাই দিলা 
শব্দৰ গভীৰতা
আজি নিলিখিলে  কিবা 
মনত শান্তি নাহে  জানা
এইযা  য়ে আকুলতা
লিখিবলৈ কবিতা
যেনিয়ে চাও 
তেনিয়ে  দেখা পাওঁ
কবিতা কবিতা
হৃদয়ৰ অনুভৱৰে  গোঠা
শব্দৰ জোৰা লগা 
এডাল যেন মুকুতাৰ মালা
প্রেমেই হওঁক বা 
বেদনাৰেই  ভাৱনা 
সুখৰেই হওঁক বা 
দুখৰ হওঁক যন্ত্ৰনা  
মোৰ হৃদয়ত ওলাই ভাষা
সৃজন হয় এটি নতুন কবিতা
তুমি মাথো বেয়া নাপাবা
লিখা বাবে এটি কবিতা
তুমিয়েই দিছিলা প্রেৰণা
তোমাৰেই পৰা পালোঁ ভাষা
মাথো এবাৰ পঢ়ি চাবা
ভুল হ'লে শুধৰাই লবা। 


 ✍️গায়ত্রী ছেত্রী
ডিগবৈ, পেঙেৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)