প্ৰেম ভালপোৱা বিষাদৰ নিৰৱধি নৈ•নিপু কুমাৰ দাস

Rinku Rajowar
0
সাৰে আছোঁ মই টোপনিত যন্ত্ৰণা কাতৰ হৈ
এটা আধৰুৱা প্ৰেম কাহিনীৰ জীয়া স্মৃতিত
পল প্ৰতি পল অনুপল জীৱন যন্ত্ৰণাত ছট‌্ফটাই

যেন মৰম ভালপোৱাৰ গোপনীয়তাত প্ৰেমেই 
মোক সপোন হৈ আমনি কৰিছে দুচকুত 
স্বপ্নাতুৰ মনাকাশত মোৰ চকুহাল প্ৰেমিক চৰাই   
 
মৰম ভালপোৱা জীৱনৰ প্ৰতিটো ক্ষণেই
কলিজাত সংগোপনে আনে প্ৰেমৰ বসন্ত
মন ভাবনাত জাগে প্ৰেমৰ গভীৰতাত গভীৰতাই

সাৰে আছোঁ মই প্ৰেমৰ প্ৰতাৰণাত প্ৰতাৰিত হৈ
তোমাৰ প্ৰেমৰ প্ৰতাৰণা বীজৰ অংকুৰিত বিষাদত
মই যেন দগ্ধ ব্যৰ্থ প্ৰেমিক এটি ডৌকা ভঙা চৰাই !

                              
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)