বহাগৰ আগমন-জয়মতী ডেকা

©Admin
0
এইয়া বসন্ত ঋতুৰ আগমন,
       প্ৰকৃতিৰ বুকুলৈ ন সাজেৰে 
               বহাগৰ আগমন।
 গছৰ পাতৰ আঁৰত 
       কুলি চৰাইৰ মিঠা মাত ,
  লঠঙা বিৰিখৰ ডালত,
  সেউজী কোমল কুঁহি পাত।
বিৰিখৰ ডাল সোৱাইছে
     ৰঙা মদাৰৰ পাহি বোৰে।
  অনাদৰ মদাৰে প্ৰকৃতিত
    ৰং বিয়পাইছে।
   কমোৱা তুলা বোৰ আহি 
       চোতালত পৰিছে ,
   কন কন মইনা হতে 
         তাৰেই আনন্দ বুটলি ফুৰিছে।
  ডাল ভৰি  ফুলিব ধৰা 
            কপৌ - কেতেকী বোৰে
   গছৰ ডালত হাঁহি বিৰিঙাইছে।
এয়াই চাগে ন- সাজত
          বহাগৰ আগমন ,
     তাতশালত বিহুৱান
          লগোৱাৰ সময় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)