অণুগল্প•কৰণ ৰবিদাস

Rinku Rajowar
0
ৰাজু : পুৱা  মাকে ক'লে মা  ভোক লাগিছে কিবা খাবলৈ আছে যদি দিয়া না । 
মা:  দিনটো ঘৰত বহি মোবাইল টিপি থাকা, একো কাম বন নকৰা , ভোক লাগিলে  যোৱা বনোৱা আছে খাই লোৱা ।
ৰাজু:  ঠাণ্ডা আছে অলপ গৰম কৰি দিয়ানা মা । 
মা:  বহুত ডাঙৰ ঘৰৰ লৰা  ঠাণ্ডা ভাত নোখোৱা যোৱা প্ৰথম মতে কিবা উপাৰ্জন  কৰিবলৈ শিকা। 
ৰাজু :  ভন্টি মোৰ এই যোৰ কাপোৰ  স্ত্ৰী কৰি দিয়াচোন , মই অলপ বাহিৰত যাম ।
ভন্টি: দাদা আপুনি এনেই বহি থাকে আপুনি নিজেও কৰি  ল'ব পাৰেচোন মোক কৈছে  আপুনি নিজে কৰি লওক মই নোৱাৰোঁ ।  
দাদা: সন্ধিয়া অফিচৰ পৰা আহিলে ভন্টি চোৱা তোমাৰ কাৰণে কি আনিছোঁ  ভন্টি  পকেট খুলি চালে অ দাদা বহুত ধুনীয়া আছে  ,ধন্যবাদ দাদা ।
 ৰাজু:  মোৰ কাৰণে কি আনি দিছে  দাদা ?মোৰ পেন্ট এযোৰ আছে আৰু এযোৰ লাগিছিলে ।
 দাদা:  এইষাৰ কথা ক'বলৈ অলপো  লাজ লগা নাই নে ।  সম্পুৰ্ণ খোৱা বোৱা থকা মেলা  ফ্ৰী  নিজে কিবা কৰা আৰু কিমান দিন এনেকৈ পুহিম।
কেইমাহ মান পিছত ।
ৰাজু : মা  এইয়া লোৱা এইটো মাহৰ  দৰমাহ ।
মা : যোৱা মুখ  হাত ধুই লোৱা মই ভাত  বাঢ়িছো  খাই অলপ আৰাম কৰি ল'বা । 
ভন্টি : দাদা আপোনাৰ কাপোৰ যোৰ ধুই স্ত্ৰী কৰি থৈ দিছোঁ আৰু কিবা কাম থাকিলে ক'ব ।
দাদা: সন্ধিয়া অফিচৰ পৰা  আহি লোৱা ভাইটি তোমাৰ কাৰণে এযোৰ পেণ্ট আনি দিছোঁ চোৱাচোন সৰু হ'লে ক'বা সলনি কৰি দিম ।
মা: কি ভাবি আছা ৰাজু  ।
ৰাজু : আজি এটা কথা বুজিলো মা জীৱনত টকা থাকিলে সন্মান মৰম সকলো পোৱা যায়  ।

                     ✍️কৰণ ৰবিদাস
                          ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)