নীলা খামৰ চিঠি-পংকজ ডেকা

Rinku Rajowar
0
অভিমানী ছোৱালীজনী
   
এই , অভিমানী ছোৱালীজনী
মৰম ল'বা,
প্ৰথমেই তুমি আচৰিত হৈছা ছাগে ন? পিয়নটোৰ হাতত মোৰ এই চিঠিখন দেখি, বেয়া নাপাবা । আবতৰীয়া বতৰত তোমালৈ চিঠি লিখাৰ বাবে । তুমি ভালে আছা বুলি মই জানো, তথাপি চিঠিখনৰে এটা খবৰ লৈ লওঁ বুলি ভাবিলো।  তোমাৰ সেই  অভিমানী স্বভাৱটো গ'ল নে?  তোমাৰ সেই অভিমানী স্বভাৱটোৰ মই প্ৰেমত পৰিব ধৰিছো । তোমাৰ প্ৰেমত কেতিয়া সোমাই পৰিলো গমে নাপালো। তোমাৰ দীঘল চুলিটাৰিৰ লগত তোমাক দেখিব বহুত ধুনীয়া লাগে। ভাল লাগে তোমাক ।  তুমি কাৰ লগত কিমান সুখত আছা নাজানো কিন্তু তোমাৰ দুখৰ দিনত মই থাকিম দেখিবা বাৰে বাৰে মনত পৰিব মোৰ কথা বোৰ আৰু তেতিয়া হয়তো বুজিবা তুমি যাৰ লগতে নাথাকা লাগিলে তোমাৰ মনৰ মাজত কোন আছে সেইটো হে আছল কথা । তুমি বিশ্বাস কৰিব টান পাবা আজিকালি মই সলনি হৈছো মই জীয়াই থাকিবৰ বাবে নহয় তুমি সুখী হোৱাৰ বাবে যজ্ঞ কৰিছো । ক্ৰমশঃ নষ্ট কৰিছো মোৰ বৰ্ধিত হৃদয়ৰ আকুলতা ,তুমি শুনি সুখ পালেও মই বৰ কষ্ট অনুভৱ কৰিছো আৰু নোৱাৰা হৈ পৰিছো , অনুগ্ৰহ কৰি ভুল নুবুজিবা ।

             ইতি
          পংকজ ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)