নীলা খামৰ চিঠি - জুপিতৰা দাস

©Admin
0
মৰমৰ...
কেনে আছা বুলি সুধিলে বেয়া পাবা নেকি ? অধিকাৰ হয়তো নাই তথাপিও তোমাৰ এই নীলা চৰাইজনী আজিও তোমাৰ অপেক্ষাত অপেক্ষাৰত। ডায়েৰীৰ স্মৃতিৰ পাতখিলা পঢ়ি নিশাটো প্রায়ে সেমেকা হৈ পৰে । শিতানৰ গাৰুটোৱেও কেতিয়াবা বিৰক্ত হয় তোমাৰ নামৰ চকুলোত। সপোনবোৰে বাৰু তোমাকো আমনি কৰে নেকি? আকাশৰ নীলাখিনি দেখিলে তোমাৰ বাৰু মনত পৰেনে মোলৈ? কেতিয়াবা বুকুখনত বিষ এটাৰ অনুভৱ হয় হয়তো তুমিবিহীনতাৰ বাবেই। অভিমানৰ টোপোলাটোৰ ভৰ এতিয়া মোৰ বাবে কষ্টকৰ। মাজে মাজে তোমাৰ কবিতা পঢ়োঁ। তাত আজিও নিজক বিচাৰি ফুৰোঁ কিন্তু ... মইতো নহয় তোমাৰ প্ৰেমৰ কবিতাৰ অভিমানী প্রিয়া ! তথাপিও এগালমান অভিমানৰ টোপোলাটো লৈ ককবকাই ফুৰো তোমাৰ প্ৰেমৰ সাগৰখনত। তুমি উভটিবা বুলি আজিও ৰৈ আছো জানা দিঠকবিহীন সপোনবোৰক লৈ। আহিবা জানো টুকুৰা টুকুৰ হৃদয়খনক আকৌ সেউজীয়া কৰিবলৈ..?বাৰু আমনি নিদিওঁ তোমাক। ভালে থাকা সদায়। 
                                 ইতি 
         তোমাৰ নীলা চৰাইজনী

     
    ✍️ জুপিতৰা দাস 
জিলা- বাক্সা, চমুৱা গাতি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)