ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ৪০ -নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
এদিন দুদিনকৈ অৱশেষত সেই বিশেষ দিনটো আহি উপস্থিত হৈছিল । ১০ মাৰ্চ , ২০২৪ । দেওবাৰ । এই বিশেষ দিনটোৰ বাবে একেধাৰে তিনি মাহ অপেক্ষা । অৱশেষত মন্দাকিনী আলোচনীখনে কিতাপ আকাৰে ছপাশালৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল । 

মৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য নিৰ্মিত এটি কোঠালিত মন্দাকিনী তিনিমহীয়া অসমীয়া কাব্যালোচনীখনৰ উন্মোচনী সভাৰ আয়োজন কৰা হৈছিল । সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মন্দাকিনীৰ উন্মোচক হিচাপে সদৌ অসম কবি সন্মিলনৰ সন্মানীয় উপ-সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ কুমাৰ শৰ্মা ছাৰৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বঢ়ায় । 

সভাত চুঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুক্তা বিজয়া বৰা পাঠক বাইদেউ , ভিতৰ চুঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ৰঞ্জন হাজৰিকা ছাৰ , এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত ৰাজেন্দ্ৰ নাথ শইকীয়া , বিশিষ্ট সমাজকৰ্মী দুলাল চন্দ্ৰ ফুকন , মৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত হৰেণ বৰা ছাৰ , মৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰাজীৱ ছেত্ৰী ছাৰ , সহকাৰী শিক্ষক শ্ৰীযুত অৰবিন্দ বৰা , সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুক্তা পালমায়া লামা , প্ৰধান শিক্ষক বলীন বৰা , নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলনৰ সভাপতি শেখৰ চুব্বা , সম্পাদক মুকুন্দ মাধৱ বৰা আৰু মন্দাকিনী আলোচনীৰ কেবাগৰাকীও কবিৰ উপস্থিতিত দুপৰীয়া বাৰ বজাৰ পিছতে সভাখন আৰম্ভ হয় । সভাখনত আঁত ধৰে কবি সন্মিলনৰ সম্পাদক মুকুন্দ মাধৱ বৰাই । এই সভাতেই " ফাগুনৰ দুপৰীয়া কবিতাৰ গুঞ্জন " শীৰ্ষক কবি সন্মিলনৰো আয়োজন কৰা হয় । নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছত উপস্থিত ৰাইজৰ একাষাৰ আৰু কেবাগৰাকীও কবিয়ে কবিতা পাঠ কৰাৰ অন্ততঃ এইবাৰ উৰুলি আৰু হাত চাপৰি বজাই মন্দাকিনী কাব্যালোচনী উন্মোচন কৰা হয় । ৭৭ টা কবিতাৰে পৰিপূৰ্ণ সুন্দৰ বেটুপাতৰ এখন সুন্দৰ কবিতা আলোচনী হিচাপে মন্দাকিনী উন্মোচন কৰা হ'ল । প্ৰথম সংখ্যা হিচাপে ইয়াৰ বৰঙণি ১০০ টকা ধাৰ্য কৰা হৈছিল । উপস্থিত ৰাইজৰ মাজত লগে লগেই ৪০ কপি বিক্ৰী আৰু বিতৰণ কৰা হয় ।  

ইতিমধ্যে সভা শেষ হয় । অতিথিসকলক চাহ তামোলেৰে আপ্যায়ন কৰাৰ অন্ততঃ সকলো ঘৰাঘৰী হয় । অৱশেষত সমিতিৰ মূল বিষয়ববীয়া কেইজন কিছুসময় ৰৈ আলোচনী সমুহ বিতৰণ কৰিবলৈ ভাগে ভাগে ভগাই লৈ তিনি বজাত সকলো ঘৰমুৱা হ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)