কবি আৰু কবিতা•লক্ষীন্দ্ৰ গগৈ

Rinku Rajowar
0
কবিতাই কবিৰ প্ৰেয়সী ,
মনৰ ভাৱ প্ৰকাশ কৰা আপোন সখী ।
কবিয়ে কবিতাক জন্ম দিয়ে ,
কবিতা হ'লেহে আকৌ কবি ওপজে ।

দুয়ো দুয়োকে মাতৃ ৰূপে জন্ম দি 
পিতৃ ৰূপে পালন কৰে ।
এটা ভাল কবিতাই কবিক
সুদূৰপ্ৰসাৰী কৰি তোলে ।

অসংখ্য ভাৱনাক কবিয়ে 
কবিতাৰ ৰূপ দিয়ে ।
অসংখ্য ভাৱ বহন কৰা কবিতাই
পাঠকৰ মন মোহে ।

কবিতাৰ অবিহনে কবি 
বঠা বিহীন নাওৰ দৰে,
কবি অবিহনে কবিতা আকৌ
শলিতা বিহীন চাকিৰ দৰে ।

কবি আৰু কবিতাৰ মাজত আছে
গভীৰ সম্পৰ্ক,
দুয়ো দুয়োৰে অবিহনে 
অস্তিত্বই শূণ্য ।

কবি মৰি গ'লে 
কবিতাই বিনাব,
কবিতা নোহোৱা হ'লে
 কবিয়ে কান্দিব ।
আজীৱন পৰস্পৰৰ 
আপোন হৈ ৰ'ব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)