পখিলা-নৱজিৎ নাথ

©Admin
0
পখিলা পখিলা!
তুমি এজাক সুগন্ধি পখিলা।
 মন মতলীয়াই কৰি নিয়া তুমি,
এখন বিশাল অচিনাকী অজান দেশলৈ।।
আৰু প্ৰতিটো ফুলৰ পাহিৰ মাজে মাজে,
দিয়ে আহি সদায় আশাৰ এজাক ৰেঙনি।।

ফুলৰ মৌ চুমি চুমি মৌপিয়া হৈ 
সপোনৰ পম খেদি খেদি তুমি ।
কেতিয়াবা কিয় হোৱা আতৰোৱা...!!
এয়াই নে তোমাৰ প্ৰকৃত মৰম।।
নাজানো তোমাৰ সেই মৰম লগা
ৰঙা,নীলা,সেউজীয়া বৰণৰ ৰঙে
সছাকৈ মোকো মুগ্ধ কৰি তোলে।।

আকৌ কেতিয়াবা তুমি  কঢ়িয়াই আনা,
অক্লান্ত মনত আনা ক্লান্তৰ প্লাবনতা।
মৰহি যোৱা গোলাপৰ ফুলত ঢালি দিয়া 
আহি অমৃতৰ এটুকুৰা সুস্বাদু চেকুৰা।।
     পখিলা পখিলা!
মনৰ অগভীৰ নিজানত,
তুমি এজাক সদায় সুগন্ধি পখিলা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)