চিন্তাশীল লিখনি আমাৰ দৃষ্টিভংগী -নবীন চন্দ্ৰ মেধি

©Admin
0
কোনো এটা নিৰ্দিষ্ট বিষয়বস্তু ভাল নে বেয়া সেয়া হয়তো আমাৰ সকলোৰে নিজৰ নিজৰ দৃষ্টিকোণেৰে বিচাৰ বিশ্লেষণ কৰিলেহে গম পোৱা যায় । প্ৰত্যেকৰে দৃষ্টিভংগী বেলেগ বেলেগ । দৃষ্টিভংগী সলনি হ'ব পাৰে । আজি আমি এইটো বেয়া সেইটো বেয়া বুলি গণ্য কৰাৰ পিছতো হয়তো কেইদিনমানৰ পাছতে ক'বলৈ বাধ্য হৈ পৰিম যে সেইটো বেয়া নহয় , ভালহে আছিল। 
দৃষ্টিভংগী সলনি হ'ব পাৰে । দৃষ্টিভংগী সময় সাপেক্ষ । নিৰ্দিষ্ট এটা সময়ত যিটো কাম বা যিটো বস্তু ভাল বুলি গণ্য কৰা হয় , সেই একেটা কামকে হয়তো দুদিন পাছত বেয়া বুলি গণ্য কৰা হ'ব । পৰিস্থিতি অনুসৰি সকলো সলনি হয় । সেইবাবেই কোৱা হয় সময়ৰ লগে লগে দৃষ্টিভংগী সলনি হয় ।  

এই ধৰা আমি সৰু হৈ থাকোঁতে খেলা ধূলা কৰি ভাল পাইছিলো । কিন্তু লাহে লাহে খেলা ধূলা কৰি ভাল নলগা হৈ আহিল । কিতাপ পত্ৰ অধ্যয়ন কৰিহে ভাল লগা হ'ল । আকৌ এনে এটা সময় আহিছিল দূৰদৰ্শনৰ ধাৰাবাহিক চাই ভাল লগা হ'ল । মহাভাৰত , ৰামায়ণ , জয় হনুমান , য়ুগ , চন্দ্ৰকান্তা , শ্ৰীকৃষ্ণ আদিবোৰ চাইহে ভাল লগা হ'ল । তাৰ পিছত আকৌ এনে দিন আহিল চিনেমা হলত গৈ অসমীয়া চিনেমা চাবলৈ তত নাইকীয়া হৈ পৰিছিল সকলোৱে । কিন্তু এতিয়া আকৌ পট পৰিৱৰ্তন ঘটিল । চিনেমা ছিৰিয়েল চাই সময় পাৰ কৰিবলৈ কাৰো হাতত সময় নাই । এতিয়া আকৌ মোবাইল কম্পিউটাৰৰ যুগ । হাতত থকা মোবাইলৰ দ্বাৰা সকলো কৰিব পৰা হ'ল । দূৰদৰ্শন ক'ৰবাত এচুকত পৰি থাকিবলৈ ল'লে । টকা পইচা লেন দেন সকলো মোবাইলৰ দ্বাৰা কৰিব পৰা হ'ল । বেংকলৈ অহা যোৱা কৰিবলৈ কাৰো সময় নাইকীয়া হ'ল । কিমান পৰিবৰ্তন হ'ল দেখিছেনে ? 

এই ধৰা আমাৰ অসমীয়া সমাজখন । এসময়ত গাঁৱৰ সকলো ৰাইজ লগ লাগি এখন সমাজ গঠন কৰি এটা নামঘৰ প্ৰতিষ্ঠা কৰিছিল । একেটা নামঘৰৰ মজিয়াতে সকলোৱে বহি সকলো কথা আলোচনা কৰিছিল । ৰাইজৰ মাজত একতা আছিল । খেৰ বাঁহেৰেই নামঘৰ মণিকূট সাজি উলিয়াইছিল । কিন্তু এতিয়া ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ হ'ল । কিন্তু একেখন মজিয়াত বহি সকলো কথা পাতিব পৰা পৰিস্থিতি নোহোৱা হ'ল । মানুহৰ মনবোৰ সলনি হ'ল । এতিয়া নামঘৰ সমুহ ৰাজনৈতিক নেতাৰ আঙুলিৰ ঠাৰত নচা একোটা কেন্দ্ৰস্থলী হৈ পৰিল । যিজন নেতাই বা যিটো ৰাজনৈতিক দলে ধন ধান বেছিকৈ ছটিয়াব পাৰিব সেইটো ৰাজনৈতিক দল আৰু সেইজন ৰাজনৈতিক নেতাৰ আঙুলিৰ ঠাৰত নচা একোটা অনুষ্ঠান হৈ পৰিছে এই নামঘৰ সমুহ । এতিয়া নিৰ্বাচনৰ বতৰ । ৰাজনৈতিক নেতাৰ টোপ গিলিবলৈ সাজু হৈ পৰিছে সকলো । প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই এতিয়া গাঁৱৰ নামঘৰে নামঘৰে গৈ টোপ দিবলৈ আৰম্ভ কৰিছে । আমাৰ ৰাইজখনেও বেলেগে ভাৱিবলৈ সময় নাই । নেতা আহিছে , কিবা এটা দিম বুলি চুক্তি কৰিছে , যদি লগে লগে দিয়ে তেন্তে ভোট আপোনালোকৰ দলকে দিম বুলি কৈ বিদায় দিছে । যদিহে কেৱল প্ৰতিশ্ৰুতি দিয়াত ব্যস্ত -  " ৰাইজ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিলো আমাক ভোট দিয়ক আৰু আমি যদি নিৰ্বাচনত জয় লাভ কৰিব পাৰো তেন্তে আপোনালোকক অমুক কৰি দিম , তমুক কৰি দিম । " তেন্তে শেষ আৰু । সেইটো ৰাজনৈতিক দলৰ নেতাই জয় লাভ কৰিব পৰাৰ সম্ভাৱনা কম । কাৰণ জানে আজিকালি ৰাইজে প্ৰতিশ্ৰুতিৰ বন্যা ভাল নাপায় । নেতাই জয়লাভ কৰাৰ পিছত উভতি চাবলৈ কাৰো সময় নাথাকে । 

ৰাইজখনেও ভাল বেয়া বিচাৰি নাথাকে । বিগত সময়চোৱাত চৰকাৰখনৰ ভুল নীতিৰ বাবে ৰাইজে কিমান দুৰ্গম পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল সেই কথা ভাৱি চাবলৈ সময় নাই । মুঠতে ভোট দিবলৈ বাধ্য । 

অসম চৰকাৰৰ শ্ৰীকৃষ্ণ বৰ্তমান গোপীসকলৰ লগত ব্যস্ত । গোপী আৰু গোপিনীসকলক ইটো সিটো দিয়াৰ কথা চিন্তা কৰি থাকোঁতেই সময় পাৰ হৈ গৈছে । এইযে গোপ শিশুসকলৰ কথা ভাৱিব লাগে সেইকথা যোগনিদ্ৰাত মগ্ন হৈ থকা বিষ্ণু , নৰনাৰায়ণৰূপী শ্ৰীকৃষ্ণৰ খবৰ নাই । 

কাউৰী চৰাইৰ দৰে কা কা কা কৰি থাকোঁতে সময়বোৰ পাৰ হৈ গ'ল । তাৰ পিছত চৰকাৰৰ ভাষাত মহান কৰুণা ( কোভিড ) কালৰ কথা পাহৰি গ'ল । বন্ধ বন্ধ আৰু বন্ধ । কোনো ক'লৈকো যাব নোৱাৰা হ'ল । টিকাকৰণ চলিল । মানুহবোৰ হঠাতে মৃত্যু মুখত পৰিল । কোনো কোনো নেতা হ'ল । মন্ত্ৰী এম এল এ হ'ল । আৰু ৰাইজখন জহন্নামে গ'ল । সকলো নেতাই একেখন ঠালতে খাব পৰা হ'ল । এয়াই হৈছে পৰিবৰ্তন । এয়াই ৰাজনীতি । 

গতিকে ৰাইজৰ দৃষ্টিভংগী সলনি কৰিবৰ হ'ল । টকা দিলেই টোপ গিলিবলৈ সাজু হৈ থাকিলেই নহ'ব । নিজৰ বিচাৰ বিবেচনা বোলা এবিধ বস্তু আছে গতিকে সেই বস্তুভাগ সৎ কামত লগোৱাৰ ব্যৱস্থা কৰিবৰ হ'ল । কাৰণ ৰাইজেই ৰজা আৰু জ্ঞাতিয়েই গংগা । ভকত বোলে শ্ৰী চৈতন্য মূৰ্তি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)