অণুগল্প তাকেহে - নবীন চন্দ্ৰ মেধি

©Admin
0
গাঁৱৰে সম্পৰ্কীয় খুড়া এজনৰ ঘৰলৈ ফুৰিবলৈ ওলাই গৈছিলো । খুড়াই মনৰ কথাবোৰ পাতিবলৈ ধৰিলে । 

: বুজিছা নবীন , যিহে দিনকাল পৰিছে কেনেকৈনো চলো ভাৱি পোৱা নাই । 

: তাকেহে খুড়া । যোৱা দুবছৰে বৰষুণৰ অভাৱত খেতি বাতি একো নহ'লেই । খেতিয়ক ৰাইজে কেনেদৰে খোৱা বোৱা কৰিব কেনেকৈ চলিব উপায় বিহীন হৈ পৰিছে । 
: এৰা অ' নবীন । আগতে চাইকেল চলাই ডিমাপুৰলৈকে অহা-যোৱা কৰি শাক পাচলিৰ বজাৰখন কৰি ঘৰখন চলাই আছিলো । এতিয়া সেয়াও নোৱাৰা হ'লো । 

: তাকেহে । অতীতত কলেজত পঢ়া শুনা কৰা দিনবোৰত মইয়ো মাজে-সময়ে বেপাৰখন কৰি কলেজত পঢ়া খৰচ উলিওৱাৰ উপৰিও ঘৰখন চলাবলৈ সক্ষম হৈছিলো । পিছে পঢ়া শুনা শেষ কৰি যেতিয়া শিক্ষকতা কৰিবলৈ ল'লো , তেতিয়াৰ পৰাই সেই সকলোবোৰ বাদ গ'ল । বিগত ১৮/২০ বছৰে ছাত্ৰ ছাত্ৰীসকলক পঢ়ুওৱাৰ বাদে জীৱনত আন একো কামেই কৰা নহ'ল । শেষ মুহূৰ্ত্তত চাকৰিটোও হেৰুৱালো । এতিয়া ন যযৌ ন তস্থৌ অৱস্থা । 

: হয় দিয়া নবীন । চৰকাৰখনৰো মতিগতি বৰ ভাল নহয় । আজি এটা কালি এটাকৈ বিপদ বাঢ়ি গৈ আছে । ধনীচামে ধনী হৈ গৈ আছে আৰু দুখীয়া চাম অধিক দুখীয়া হৈ গৈছে । কাম কৰি খাবলৈও উপায় নাই । কাম বিচাৰি পাবলৈকে নাই । 

: হয় খুড়া । টোগলকৰ সাম্ৰাজ্যৰ প্ৰজা আমি । গতিকে ৰজাই ভাল দেখে যাক ভাৰ ভেটিও নালাগে তাক । আমি এনেয়ে চাকৰি বিচাৰি হামৰাও কাঢ়ি থাকি লাভ নাই । এটা বছৰ আছে মাথো । বয়সেও ভটিয়াই যায় । 
: দুখ নকৰিবা নবীন । চোৱাচোন এইবাৰ কিজানি কিবা এটা হয়েই । 

: তাকেহে খুড়া । সেই আশাৰেই জীৱন পাৰ কৰিছো । ধৈৰ্য চ্যুতি ঘটো ঘটো অৱস্থা হৈছে । দিনক দিনে ঋণৰ বোজা বাঢ়ি গৈছে । ল'ৰা ছোৱালীৰ অভাৱ অভিযোগবোৰো বাঢ়ি গৈছে । পঢ়া শুনা কৰা খৰচো বাঢ়িছে । কোনো কাৰোলৈ নৰয় । মুখৰ ওপৰত এক অঘোষিত প্ৰতিযোগিতাত মেন সকলোৱে আগভাগ লৈছে । 

দুয়ো কিছুসময় মৌন হৈ ৰ'ল । এই নিৰৱতাই যেন বহু কথাই কৈ গ'ল ।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)