নাৰী-মৌচুমী ভূঞা

@admin
0
নাৰী মানেই বোৱতী নৈ
যেনেদৰে নৈ নীৰৱে বৈ থাকে।
নাৰী পানীৰ দৰে 
যি ভিন্ন সময়ত ভিন্ন ৰূপ লয়। সকলো পৰিস্থিতিত সকলো ৰূপ লয়।
নাৰী মানেই সাগৰৰ দৰে গভীৰ,  
আকাশৰ দৰে বিশাল।
নাৰী মানেই অজস্ৰ শক্তিৰ উৎস।
নাৰীৰ জীৱন!
যন্ত্ৰণাৰে ভৰা এটি জীৱন। 
নাৰী মানেই এপাহ সতেজ 
গোলাপ ফুল। 
নাৰী মানেই কালিমাৰ আন এটি নাম।
কিন্তু বৰ্তমান সময়ত 
নাৰী হয় ধৰ্ষিতা,
নাৰী মানেই কলংকিত।
নাৰী মানেই কৃষ্ণৰ ৰাধা জনী।
নাৰী মানেই বসুমতী,ত্যাগৰ জয়া।
নাৰী মানেই বাৰিষাৰ বৰষুণ।
শীতৰ কুঁৱলী।
নাৰী মানেই পূৰ্ণিমাৰ জোন। 
নাৰী মানেই সেউজীয়া ধৰণী,
নাৰীয়েই জন্মদাত্ৰি আই।
নাৰী মানেই সহনশীল,
নাৰী মানেই পুৱাৰ হেঙুলীয়া বেলিটি। 
নাৰী মানেই বিশ্বজননী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)