তোমাৰ সপোন কোঁৱৰ-পল উৎপল গোহাঁই

Rinku Rajowar
0
তুমি সৌ দূৰ আকাশৰ
তৰাবোৰ দেখিছানে ?
তাতেই পাবা
তোমাৰ সপোন কোঁৱৰক ৷

তুমি ফাগুন মাহৰ
পছোৱা বতাহজাক দেখিছানে ?
তাতেই পাবা
তোমাৰ সেই সপোন কোঁৱৰক ৷

তুমি শাওণ মাহৰ পথাৰত
তিতি পাইছানে ?
তাতেই পাবা
তোমাৰ সপোন কোঁৱৰক ৷

তুমি বহাগৰ বিহুতলিত
নাছি পাইছানে ?
তাতেই পাবা
তোমাৰ সপোন কোঁৱৰত ৷
আৰু
সকলোতে পাবা
তোমাৰ সেই সপোন কোঁৱৰক ৷৷

✍️পল উৎপল গোহাঁই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)