তথাপিও-ৰেণু শৰ্মা

Rinku Rajowar
0
ইতিহাসৰ পাতেপাত     
ভৰি ভৰি আছে         
তোমাৰ কথা
হে নাৰী , তোমাৰ কথা তোমাৰ ৰূপ সৌন্দৰ্যৰ  সৌৰ্য বীৰ্যৰ অনেক কাহিনী ইতিহাসৰ বুকুত খোদিত হৈ আছে৷

তোমাৰ বুকুত অফুৰন্ত প্ৰেম মন্দাকিনী
বৈ আছে নিৰলে নিভৃতে ।বাকি দিয়া
ভাই ভণী  মাতা পিতা অঙহি বঙহি
আৰু পৰিয়াল পৰিজনলৈ৷

সমাজৰ নীতি অনুসাৰে 
বিবাহৰ অটুত বন্ধনে
বান্ধি দিয়ে দুটি প্ৰাণ  এক কৰি এডালি সূতাৰে৷

শৈশৱৰ খেলাধুলা এৰি যোৱা তুমি পতিগৃহলৈ৷
জলন্ত অগনিসম
সংসাৰ কুণ্ডত
সন্তৰ্পণে ভৰি দিয়া তুমি৷

হাজাৰ কণ্টকে ভৰা সংসাৰ ফুলনি
সাৰি-পুচি নিকা কৰা
এই দুটি লৱনু হাতেৰে

তথাপিতো তুমি হায়
নোৱাৰা কৰিব তুষ্ট কাকো
সঁচা মৰমৰ বাবে
কৰা হাহাকাৰ৷


✍️ৰেণু শৰ্মা ,ডিব্ৰুগড়৷
পিন ৭৮৬০০৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)