সেইদিনাৰ সপোন•কংকন বেজবৰুৱা

@admin
0
সেইদিনা আছিলা তুমি
মোৰ নিচেই ওচৰতেই

ভবা নাছিলোঁ হঠাতেই আঁতৰি যাবা বুলি
মনত পুহি ৰখাবোৰ কোৱাই নহ'ল

তোমাৰ ওঁঠৰ মৌ-সনা হাঁহিটোৱে যে
মোক বৰকৈ আমনি কৰিছিল জানা

তুমি যোৱা সেই বাটেৰে ৰৈ থাকোঁ
এদিন তুমি উভতি আহিবা বুলি

এৰা, এইবোৰনো তুমি ক'ত বুজি পাবা
তোমাকটো কথাবোৰ কোৱাৰ সময়ে নহ'ল

মইটো ভবা নাছিলোঁ তুমি এনেকৈ এদিন
নিজক বিচাৰি আনক পাহৰি যাবা বুলি

হঠাতেই গ'লাগৈ কোনোবা দূৰণিবটীয়া বাটেৰে
কোনো অচিন ঠাইলৈ নিজক বিচাৰি

মই, মইটো এতিয়া সেইদিনাৰ সপোন লৈ
ৰৈ আছোঁ তুমি উভতি অহাৰ বাটত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)