তুমি বৰ অহংকাৰী - শিল্পী দাস

©Admin
0
তুমি বৰ অহংকাৰী,
তথাপিও মই য'তে-ত'তে
কিয় কৰোঁ তোমাক আমনি?

অভিমান কৰাৰ নাট নোৱাৰোঁ
কাৰোবাৰ দুখৰ কাৰণ হ'বও নিবিচাৰোঁ,
মাথোঁ মোক তুমি প্ৰতিপল বিৰক্তি পাই
চিৰদিনৰ বাবে পাহৰি যোৱা
সেই আশাৰে এনেকুৱা আমনি কৰোঁ।

তুমিতো ভাবা ন’ , 
মই এইবোৰ কৈ বৰ ভালপাওঁ,
নজনা কথা থাক হৃদয়ত মৰহি
মাথোঁ তুমি হোৱা সুখী।

মোৰ চৰিত্ৰৰ পৰিচয় নহয় যদিও
আজি ল'লো কঠিন নাট,
যাতে তুমি ঘৃণা কৰিব পাৰা।

তুমি বৰ অহংকাৰী
অহংকাৰ হোক তোমাৰ পৰিচয়,
উন্নতিৰে আগুৱাই যোৱা
যাতে মোৰ কাষত ল'ব নালাগে আশ্ৰয়।

           ✍️শিল্পী দাস (প্ৰিয়)
 ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)