হৃদয়ত পুঞ্জীভূত হোৱা বেদনাৰ ভগ্নস্তুপ ,
হেজাৰ নিয়ৰ কণা হৈ সৰে আবেগৰ চকুলো ,
জীৱন লৈ বাঢ়ি আহে বেদনাৰ উপত্যকা ।
মন ভাৱনাত যৌৱনৰ আবেগৰ ঢৌবোৰত
প্ৰতিবিম্ব হৈ দোলেহি হৃদয়ত তোমাৰ মুখখনি
নিথৰ হৈ কম্পিত হয় মোৰ কলিজা বিষাদত
জীৱন লৈ নামি আহিছে ঘোৰ অমানিশা
ভৰ যৌৱনত জীৱনৰ আলিকেঁকুৰিত
বিষণ্ণ সময়ৰ সন্ধিক্ষণত যেন ক্ষোভাগ্নিত
বেদনাই আৰ্তনাদত কিৰিলি উঠে আশংকাত
আকাশৰ কজলা মেঘৰ দৰে ভাহি ফুৰে বিষাদবোৰ ।
সেউজী আশাৰ পাপৰিত সৰে নিৰাশাৰ চকুলো
ধূলিৰ ধুমুহা হৈ উৰে দুখৰ অনুভূতিবোৰ
প্ৰেম ভালপোৱাৰ মৰমবোৰ যেনিবা
সোঁৱৰণীৰ এখিলা সৰাপাত হৈ সৰি ৰ'ল
জীৱনৰ আনন্দ এনেকৈ এদিন নিৰানন্দ হ'ল,
হাঁহিৰ অফুৰন্ত হৃদয়ত বয় বিষাদৰ নৈ
চপৰা চপৰে খহে এইদৰে জীৱনৰ সুখবোৰ ।
প্ৰেম ভালপোৱাত মৰমবোৰ যেন জ্বলি জ্বলি!
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ