আহিবাচোন এদিন তোমাৰ পৰশে উপচাই পেলাবা
কলিজাত সাঁচি থোৱা অক্লান্ত মৰম বোৰ ।
মাজৰাতি চকা মকাকৈ সাৰ পায় পাতিম মনৰ গোপন কথাবোৰ ।
মোৰ কলিজাত পাৰি থোৱা ৰক্ত গোলাপ বোৰ বাৰু তুমি দেখিছানে ?
তোমাৰ বাবেইতো সজাইছোঁ সকলোবোৰ ।
আহিবাচোন এদিন, শীতৰ এটি কোমল পুৱাত
সৰি পৰা শেৱালি বোৰ বুটলিম ,
নিয়ৰৰ টোপাল বোৰো চাই চাই মনৰ কথা পাতিম, তোমাৰ খোজত খোজ মিলাই।
মইও বিলীন হ'ম কোমল পুৱাৰ ৰ'দালিৰ লগত।
আহিবাচোন এদিন,
শীত কোমল পুৱাটি তেজ ৰঙা বেলিটিৰ লগত বিলীন হম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ