স্মৃতি পোহৰ -আব্দুল কাদেৰ মিঞা

©Admin
0
বহু ৰাতি অতিবাহিত কৰিছোঁ
দুচকুৰ অশ্ৰুৰে উদ্বেগ প্ৰকাশ কৰি ,
নীলা আকাশৰ সীমান্তত শুনিছোঁ
দুৰ্ভগীয়া চন্দ্ৰৰ কান্দোন,
হাজাৰ তৰাৰ গুঞ্জন শুনিছোঁ মই
ভৰপূৰ পূৰ্ণিমাৰ ৰাতিত!
দুহাত ভৰাই গোলাপ তুলি লৈছিলোঁ
যেতিয়া আছিলা তুমি মোৰ কাষত।
ডাৱৰে ভৰা নিশাৰ আকাশ
চন্দ্ৰৰ পোহৰত জিলিকি উঠিছিল,
আনন্দত মতলীয়া হৈ পৰিছিল চৌদিশ!
বহু গোপনে ৰাখিছিলা তোমাৰ প্ৰেম
তাৰ বাবে আজি তুমি নিৰুদ্দেশ!
সেয়ে ৰাতি হ'লে জোনৰ উজ্জ্বল পোহৰত
ভাহি উঠে তোমাৰ স্মৃতিৰ পোহৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)