প্ৰেমৰ পদূলি-কৰণ ৰবিদাস

©Admin
0
প্ৰেমৰ পদূলি আঘাত বিষাদৰে ভৰা,
ইয়াত অলপ সাৱধানে খোজ দিবা,
কাৰণ ইয়াত পোৱা যায় বহুতো আঘাত,
এই আঘাতৰ পোৱা নাযায় কোনো ঔষধ।

প্ৰেমৰ পদূলি বহু জালেৰে ভৰা 
প্ৰেম কৰোতে অলপ সাৱধান হ’বা।
প্ৰেম কৰিবা, অন্ধ বিশ্বাস নহয়,
অন্ধ বিশ্বাসে কৰে ধ্বংস জীৱন,
যিমান বেছি বিশ্বাস কৰিবা,
সিমান বেছি আঘাত পাবা।

এই ব্যস্ততা সংসাৰত আশা,
 অপেক্ষা নকৰিবা 
আশা, অপেক্ষা ভাগিলে পোৱা
 যায় বহুত আঘাত।
কাৰণ সময়ে কৰে সকলো পৰিবৰ্তন।
এই প্ৰেমৰ পদূলিত সঁচা প্ৰেম
 ক’তো বিচাৰি নাপাবা,
এই ত্ৰিভূবনত নিস্বাৰ্থ প্ৰেম
 মাথোঁ মাতৃয়ে কৰিব পাৰে,
এই সংসাৰত মাতৃয়ে আমাৰ ত্ৰিজগত।


                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)