কেনে আছোঁ মই-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
নিঃস্তব্ধ নিশাৰ তুমি জোনাকী
তুমি নোহোৱা কৰা মোৰ স্তব্ধতা
তুমি সৃষ্টি কৰা মোৰ হৃদয়ত
অভিমানী অনুভৱৰ টোপোলা
হৃদয়খন অকণমান আকলুৱা 
কিন্তু তুমি কাষলৈ আহিলে
বহুত সাহস পোৱা যেন লাগে
আকলুৱা হৃদয়খনো থিতাতে
বৰফ গলাদি গলি যায় জানা ।
তুমিযে মোৰ বুকুৰ আপোন 
তোমাৰ সেউজীয়াবোৰৰ সৈতে
মোৰ বন্ধুত্বও এতিয়া গভীৰ
আৰু মোৰ নিঃসংগ নিঃস্তব্ধ
উজাগৰী  প্ৰতিটো নিশাও
তোমাৰ বাবে প্ৰিয় হৈছে 
সেয়া মই তোমাৰ চকুৰ চাৱনিতে বুজো।
কেতিয়াবা অভিমান কৰিলেও
দূৰণিৰ পৰাই মোক চাবা 
সেমেকি উঠা হৃদয়খন তুমি
দূৰণিৰ পৰাই নিচুকাবা
তথাপিও মোৰ পৰা কেতিয়াও
আঁতৰি নাযাবা অচিনাকী চৰাইজনী।
কেনে আছোঁ মই.....
নিজৰ বিষয়ে একোৱে নাজানো মই
নিজক সুখী কৰিব পৰা নাই 
প্ৰশ্ন কৰোঁ বাৰে বাৰে নিজকে
কেনে আছোঁ মই .....।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)