ধাৰাবাহিক উপন্যাস -অৰণ্যৰোদন (খণ্ড-৪৮ )-নবীন চন্দ্ৰ মেধি

©Admin
0
যিমান বান্ধিবলৈ চেষ্টা কৰিলেও যেন জীৱনটো আঁত খাই ধৰিবলৈ নিবিচাৰে তাৰ । মাক যশোদাই শ্ৰী কৃষ্ণক বান্ধিবলৈ কৰা চেষ্টাৰ দৰে অৱস্থা হৈছে তাৰ । নিৰ্মল কুমাৰৰ দৰে অৱস্থাত পৰিলে আন মানুহ কেতিয়াবাই সিফলীয়া হৈ পৰিলহেঁতেন । কিন্তু সি এতিয়াও ধৈৰ্য ধৰি জীয়াই আছে । একমাত্ৰ ল'ৰা ছোৱালী দুটাৰ কথা ভাৱি । ইমান বিপদৰ ওপৰতে বিপদ বিঘিনিৰ মাজেদি চলা ফুৰা কৰিব লগা হৈছে । মাহৰ আৰম্ভণি হ'বলৈ নাপায়েই ইফালে দিয়া সিফালে দিয়া কৰি ফুৰোঁতে আজি এসপ্তাহ পাৰ হৈ গ'ল । তথাপিও লোণৰ কিস্তি মাৰি শেষ কৰিব পৰা নাই । আৰোহণ বন্ধন চেটিনকে আদি কৰি তিনিটা গোটৰ কিস্তি মাৰিলে যদিও গাড়ীখনৰ কিস্তি এতিয়াও মাৰিব পৰা নাই । ইফালে ভৰিৰ বিষত তত পোৱা নাই যদিও একো চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । 

ডাক্তৰে ভৰিত প্লাষ্টাৰ কৰিবলৈ কৈছিল যদিও তাৰ হাতত ইমানেই ধনৰ অভাৱ হৈ পৰিছিল যে প্লাষ্টাৰ কৰিবলৈ যোৱাটো বাদেই দিয়ক টেবলেট এটা কিনি খাবলৈ সক্ষম হোৱা নাছিল । সেই অঞ্চলৰ ওচৰে পাজৰে ক'ৰবাত হাড় জোৰা লগোৱা দৰৱ বান্ধিব পাৰি নেকি বুলিও কথাষাৰ চিন্তা কৰিছিল যদিও ক'লৈকো ওলাই যাবলৈ সময় সুবিধা নাছিল । এনে অকৰ্মণ্য জীৱন লাভ কৰাৰ বাবে নিজকে নিজে গালি গালাজ পাৰিবলৈ ধৰিছিল । 

ইফালে ল'ৰা ছোৱালী দুটাৰ পঢ়া-শুনা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ নিবলৈ বাধ্য হৈ পৰিছিল একমাত্ৰ টকাৰ অভাৱৰ বাবে । বিহু পালেহিয়েই । বিহু নহয় যেন বৰ বিহ । অতীতৰ সেই উৎসাহ উদ্দীপনা এতিয়া যেন ক'ৰবাত হেৰাই গ'ল । 

কিযে সুমধুৰ দিন আছিল সেইবোৰ । অভাৱ অনাটনৰ মাজত জীয়াই আছিল যদিও বিহু পূজা বুলিলে মাক দেউতাকে য'ৰে পৰা হ'লেও সিহঁতৰ বাবে বিহুৰ কাপোৰ যোগাৰ কৰি দিছিল । সেই কাপোৰ পিন্ধি মামা মাহী পেহী সকলোৰে ঘৰলৈ ফুৰিবলৈ গৈছিল । বিহু নাচিছিল । পূজা চাইছিল । কিন্তু আজি সি অক্ষম হৈ পৰিছে নিজৰ ল'ৰা ছোৱালী দুটাৰ পঢ়া-শুনা ,  খোৱা বোৱা , পিন্ধা উৰা , চাফ চিকুণতা বা চৌখিনতা একোতেই গুৰুত্ব দিব পৰা নাই । সুখে দুখে একেলগে জীৱন নিৰ্বাহ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নিজৰ পৰিবাৰ গৰাকীৰ প্ৰতি চকু দিবলৈও সি আজি অক্ষম হৈ পৰিছে । কিয় লাগে এনে জীৱন ? লাহ বিলাসৰ মাজত জীয়াই থকাৰ ইচ্ছা নাই কিন্তু সেইবুলি সামান্যভাৱে জীয়াই থকাৰ অধিকাৰ খিনিৰ পৰাও বঞ্চিত হৈ ৰ'ব লাগিব বুলি সি ভৱা নাছিল । এনে সময়তেই সি দেশ জাতি ভাষা আৰু মাতৃ ভূমিৰ কথা ভাৱিবলৈ অনিচ্ছা প্ৰকাশ কৰিবলৈ বাধ্য হৈ পৰে । মই নাথাকিলেও দেশ থাকিব , জাতি থাকিব , ভাষা থাকিব , মই অকলে দেশ জাতি আৰু ভাষাৰ উদ্ধাৰ কৰিব নোৱাৰো নহয় । কিন্তু যি জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী , সেই জননীয়ে যদি তাৰ বাবে জীয়াই থকাৰ সামান্যতম সুবিধাকণৰ পৰাও বঞ্চিত কৰে তেন্তে জীয়াই থাকি লাভ নাই । এইখন দেশৰ ৰজাই তাৰ বাবে একো নকৰিলে । জীৱন বৰ্বাদ কৰি পেলালে । ভগৱান বোলা কিবা এটা আছে যেন তাৰ বোধ নহয় । থকা হ'লে নিশ্চয় চকু মেলি চালেহেঁতেন । কৰ্মতো বিশ্বাস নোহোৱা হৈ পৰিছে । নহ'লে আজি অতবছৰে কৰি অহা কৰ্মৰ ফল ভগৱানে এনেদৰে দিয়েনে ? একাল পঢ়া-শুনা কৰি পাৰ কৰাৰ পিছত একাল শিক্ষকতা কৰি পাৰ কৰিলে সি । তথাপিও ফল শূণ্য । 

ভৰি খন তৰতৰাই বিষাই আহিছিল । গাড়ীৰ পৰা বেণ্ডেজ কাপোৰ উলিয়াই আনি সি সোঁ ভৰিখনৰ আঙুলিৰ মূৰৰ পৰা ভৰিৰ পতা খনৰ মাজ ভাগলৈকে আঁতি আঁতি বান্ধি ল'লে । তাৰ পিছত বিচনাখনতে বাগৰ মাৰিলে । বাগৰ মাৰিলেও জানো শান্তি পাব ? হাজাৰ টকীয়া সমস্যাতকৈ শ টকীয়া সমস্যাতে জীৱনত আউল লাগিবলৈ লৈছে । দুই তিনিশ টকাৰ যোগাৰ কৰিবলৈ সক্ষম নোহোৱা হৈ পৰিছে সি । ৰাতিপুৱাই বেপাৰী জনক দি পঠিয়াবলৈ দুশ টকাৰ বাবে চিন্তা কৰিব লগা হৈছে । যোৱাকালি দোকানৰ বস্তু বাকীকৈ নিয়া মানুহ এজনীয়ে অনলাইনতে টকা দিয়াৰ কথা কৈ এতিয়ালৈকে নিদিয়াত ফোন কৰি কথাষাৰ ক'লে বোলে অনলাইনত দিয়া নাই যেতিয়া কেছ দিয়া । মই বেপাৰী জনক দি পঠিয়াবলৈ টকা কম হৈ আছে । 

তাই যেনিবা টকা কেইটা দি দিয়াত আগবেলা বেপাৰী জনক দি পঠিয়াবলৈ সক্ষম হ'ল । কিন্তু দুপৰীয়া সময়ত আকৌ এগৰাকীক তিনিশ টকা দিব লাগে । এতিয়ালৈকে ধন জমা হোৱা নাই । দোকানৰ বিক্ৰী বাৰ্তা নাই । স্কুল খুলিছে যদিও আজি শনিবাৰ । গতিকে বিক্ৰী কম হয় । 

দুপৰীয়া পাৰ হৈ আবেলি হ'বৰ হৈছিল । তেতিয়াও টকা যোগাৰ নোহোৱাত সি ওচৰৰে আন এঘৰত দুশটকা মান পায় নেকি বুলি ফোন লগালে । এশ টকা এটা পাবলৈ আছিল । গৃহস্থই চাগে তাকে বিচাৰিছে বুলি ভাৱি এশ টকা এটা দি থৈ গৈছিল । এনেদৰেই চাগে ওচৰ চুবুৰীয়া সকলৰ লগত সম্পৰ্ক নষ্ট হয় । অভাৱত স্বভাৱ নষ্ট হয় । এতিয়া দোকানৰ কাষ্টমাৰ দুজনো হয়তো কমিব । কাৰণ বাকী খালে যদি টকা বিচৰা যায় তেন্তে আহিবলৈ মন নকৰা হয় । কমিলেও কমক প্ৰয়োজনতহে বিচাৰিব লগা হৈছে । নহ'লে নিবিচাৰিলেও হ'লহেঁতেন । 

আবেলি চাৰে চাৰি বাজিছিল । শ'ল'গুৰিৰ পৰা আকৌ ফোন আহিল । ল'ৰাটো যাবলৈ ওলাইছে । তাৰ হাতত দি পঠিয়াব । 

এতিয়ালৈকে ধন জমা হোৱা নাই । ২৪০ টকা হাতত আছে মাত্ৰ । কেছবক্সত খুচুৰা এটকীয়া দুটকীয়া মিলাই কেইটকামান আছে । তাৰ ইমানেই খং উঠিছিল যে ওচৰতে থকা প্লাষ্টিকৰ চকীখনতে এক গোৰ মাৰি পঠিয়াইছিল । ধিক্কাৰ জন্মিছিল তাৰ এইখন পৃথিৱীলৈ অহাৰ বাবে । 


অৱশেষত দোকানত বেপাৰী এজনে দি থৈ যোৱা বিড়ি এক বাণ্ডিল বিক্ৰী নোযোৱাৰ বাবে ওচৰৰ দোকান এখনতে দিয়াৰ কথা কৈ থোৱা  হৈছিল । সি তাকে দি এশ টকা এটা গোটাই ল'লে । অৱশেষত চাৰে তিনি শ টকা গোট খালে । সন্ধিয়া সময়ত ডালিমীৰ ঘৰলৈ গৈ তাই পাব লগা তিনিশ টকা দি থৈ আহিল । নহ'লে তিনিশ টকাৰ কাৰণে নিজৰ সন্মান বিশ্বাস সকলো গ'ল হেঁতেন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)