আই মোক তেজিমলা নসজাৱা - নিপু কুমাৰ দাস

©Admin
0
আই মোক আৰু তেজীমলা নসজাবা
কাতৰে কৰিছোঁহি অনুৰোধ মই 
দুখবোৰেই যেন কিযে আমনি কৰিব
ৰাতিৰ কোলাত যেন মূৰ থৈ শুই...
সহিব নোৱাৰিম চাগে ইমান যাতনা।

 বুকুৰ ভাঁজত যন্ত্ৰণাবোৰ বাঢ়ি আহে 
মোৰ ফাগুন অহাৰ বাটত যেন  
ফেঁচাৰ কিযে নিউ নিউ চিঞৰ---- 
তোমাৰ বিমূৰ্ত নিশাৰ মৌন কামনাত 
শব্দহীন বাসনাত ৰিক্ত মোৰ বুকুৰ            চাংঘৰ।

আই মোক আৰু তেজীমলা নসজাবা 
পিতাইৰ আধৰুৱা সপোন ময়েই কৰিম পূৰ্ণ
সুখে-দুখে ময়েই হ'মহি তোমাৰ সাৰথি
মোৰো আশাৰ সপোনবোৰ সজাবলৈ দিয়া তুমিয়েইতো ৰাতি মোৰ সুখৰ দাপোন...।

পাট গাভৰু মই তোমাৰেই জী বুকুৰ আপোন 
সময়ে কৰিব মোক যেন লাঞ্ছনা-গঞ্জনা
নোৱাৰিম থাকিব তোমাৰ অবিহনে জীয়াই  
দুখবোৰে যেন আমনি কৰিব বুকুত খামুচি
আই মোক আৰু তেজীমলা নসজাবা....।

                                   ***

      নিপু কুমাৰ দাস  
      কাজিপাৰা,নলবাৰী 
      ৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)